বসুন্ধৰা ২.০ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

বসুন্ধৰা ২.০

 



বসুন্ধৰা ২.০

ঋষভ নাথ



মাটিৰ হাতীয়ে ৰাতি মাকক মাৰিছিল

আৰু সি শুব পৰা নাছিল সিদিনাও

যিদিনা মহাজনৰ লাখুটিত লাগি

বলৰ দৰে জীৱন দাগৰ বাহিৰ 

হৈ গৈছিল বাপেকৰ মূৰটো


ৰঙা-ঘিঁউ পাই হঠাৎ দপ দপাই 

উঠা অকাঠী জুইকুৰাৰ পোহৰত

প্ৰণৱে তাক কৈছিল-- দেখিছ ভাই

কিবাকৈ এবাৰ মৰিব পাৰিলে 

আৰু মাটিৰ দৰকাৰ নাই


এইট ফেইল কৰাৰ পাছতো স্কুলৰ

গোলক ঘূৰাই ঘূৰাই দেশবোৰৰ 

নাম সি ঠিৰ কৰিব নোৱাৰিলে

পাঠ্যপুথিৰ পাত গণি নাপালে

সাতপুৰুষ বহি থাকিলেও কেনেকৈ

ঠাইখন দৌৰে নতুন এটা নামৰ পিনে 


এই জগতত কি সি জধলাই অকল 

নল কাটি দখল কৰিছে চৰাইৰ মাটি

অঘৰী হাত বাগৰি চিৰদিন দেখোন 

চৰকাৰী হৈ থাকে পথৰো দাঁতি


নোটৰ এজাক ফৰিং উৰিলে ৰাতি

এখন হাবিৰ দৰে জেপৰ ভিতৰতে 

ৰিজাৰ্ভ হয় ভূমিহীন গৃহস্থৰ ভোট

শাৰীৰ শাসনত থিয় হৈ থাকিলেও 

নিম্নাংশত চূণ পিন্ধা গছবোৰ কটা

অথচ যাঠিত বহা চিলনীৰ ছায়াত

পানী পুতি পট্টা হয় বাবাৰ জঁটা 


হাজাৰ বছৰ খাৰা হাজাৰ বছৰ পৰা

আৰু হাজাৰ বছৰ মৰা মাকৰি আৰু

শালৰ হাতীঠেঙেৰে ম্যাদী আকাশ দাঙি 

সিয়ো উলিয়াইছিল এটুকুৰা এন চি ধৰা

মজিয়াৰ নৰা দেখি ভতৰা-টোপনিয়ে 

তালৈ শিং টোঁৱাই আহিছিল 

জীৱনত সেই এবাৰেই


এশ গৰু মাৰিও নমৰা বাঘ এটাই

যেতিয়া চোতালতে খালে ছাগলীজনী

আৰু ভোকৰ হেঁপাই তাইৰ পোৱালিকেইটা

সি জৰিমনা দি পাইছিল বেদখলী ৰচিদখন

ঠিক যেন চোৰৰ নামত জাৰি কৰা চমন


জৰীপ হোৱা গাঁওখনৰ চিঠাত চিনাকি 

বাট এটাও সি আঙুলিৰে খানি পোৱা নাই 

আৰু এতিয়ালৈ নাজানে বসুন্ধৰা ২.০ কি

কাৰ কাৰ নামেৰে গা-ভাৰী হৈছে চি ডি


তথাপি হাকিমৰ হাতুৰী শিৰত ল'বলৈ

ভিৰত অধীৰ সিয়ো এজন ভূমিপুত্ৰ

তাৰ হাত ভৰি টানি ধৰি পুতলাৰ

শিপা হৈ পৰিছে এমুঠি সূত্ৰ



টোকা

এন চি- Non Cadastral

চি ডি- Case Diary


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages