মিচিং ভাষা :বর্তমান আৰু ভৱিষ্যতৰ সমস্যা
অধ্যাপক (ডাঃ) জৱাহৰ জ্যোতি কুলি
মিচিংসকল মংগােলীয় জাতিৰ আৰু তিব্বতধর্মীয় ভাষাগােষ্ঠীৰ এক শক্তিশালী জনগােষ্ঠী। অন্যান্য জনগােষ্ঠীৰ দৰে তেওঁলােকৰাে নিজস্ব স্বকীয় ভাষা আছে। তেওঁলােকৰ ভাষাক মিচিং ভাষা বুলি কোৱা হয়। তিব্বতধর্মী ভাষাক তিনিটা প্রধান ভাগত বিভাজন কৰিছে– (১) তিব্বত হিমালয়, (২) অসমবর্মী আৰু (৩) উত্তৰ অসম শাখা। উত্তৰ অসম শাখাৰ ভাষাবােৰ হ’ল হ্রচু, আদী, মিচিং, নিচি আৰু মিচিমি। ইয়াৰে হ্ৰচু আৰু মিচিমিক বাদ দি নিচি, আদী আৰু মিচিং একে ভাষাগােষ্ঠীৰ অন্তৰ্গত। তেওঁলােকে কোৱা ভাষাবােৰক তানি আগম বুলি নামকৰণৰ তাৎপর্য আছে।
মিচিং ভাষা-সাহিত্যক লিখিত ৰূপ দি ইয়াৰ প্ৰচাৰ তথা প্রসাৰৰ বহুমুখী উদ্দেশ্য আগত ৰাখি জন্মলাভ কৰা ‘মিচিং আগম কৗবাং’ এ আজি প্রায় চতুর্থ দশকত পদার্পণ কৰিছে। লিপি সংক্রান্তীয় বিষয়ৰ সুস্থ সমাধান কৰি কৗঙে যথেষ্ট তৎপৰতা, অনুসন্ধিৎসু আৰু একাগ্ৰতাৰে আগবাঢ়ি আহি ১৯৮৬ চনৰ ৩০ অক্টোবৰ তাৰিখে প্রাথমিক বিদ্যালয়ত মিচিং ভাষা প্রৱর্তনৰ চৰকাৰী স্বীকৃতি লাভ কৰে আৰু দুশ ত্রিশজন মিচিং ভাষা শিক্ষকৰ নিযুক্তি প্রদানত আগভাগ লয়। সমাজৰ ভাষাবিদ, ভাষাপ্রেমী, সাহিত্যিক, লেখক আদিৰ অকুণ্ঠ সহযােগ আৰু অহােপুৰুষাৰ্থত ভাষা বিষয়ক কেইবাখনাে পুথি প্রকাশ কৰি উলিয়াইছে। ইয়াৰ ভিতৰত এখন অভিধান, এখন ব্যাকৰণ, এখন পৰিভাষা, দুখন বুনিয়াদী পুথি, শিশু পুথি, বানান পদ্ধতি আদি উল্লেখযােগ্য। তাৰ উপৰি নিধামৰ
ইংৰাজীকৃত ব্যাকৰণ পুথিখনিও পুনর্মুদ্রণ কৰে আৰু ১৯৯৬-৯৭ চনৰ কৗবাঙৰ ৰূপালী জয়ন্তী বর্যত অভিলেখ সংখ্যক বিভিন্ন বিষয়ক প্রায় সাতখনি পুথি প্ৰকাশ কৰি উলিয়ায়। মিচিং আগম কৗবাঙৰ প্রথম মাহেকীয়া বার্তালােচনী মিমাং’ আৰু আগম কৗবাঙৰ মুখপত্ৰখনৰাে প্ৰায় নটা সংখ্যা প্রকাশ কৰি আগম কবাঙে মিচিং ভাষা-সাহিত্যক প্ৰগতিৰ জটিল সমস্যাবহুল পথেৰে আগবঢ়াই নিবলৈ যত্নপৰ হৈ আহিছে।
উল্লিখিত কর্মসমূহৰ তৎসত্ত্বেও আজিৰ তাৰিখত মিচিং ভাষাতােৰ প্ৰসাৰত নানান সমস্যাই গা কৰি উঠিছে। ইয়াৰ ভিতৰত প্রথম আৰু প্রধান সমস্যা হৈছে বিদ্যালয়ত মিচিং ছাত্র-ছাত্ৰীক পাঠদান দিবৰ বাবে পাঠ্যপুথিৰ অভাৱ হােৱাটো। পাঠ্যপুথি নহ'লে ছাত্র-ছাত্রীয়ে কেনেকৈ আৰু কি শিক্ষা লাভ কৰিব পাৰিব সেই কথা সহজেই অনুমেয়। ছাত্র-ছাত্রীৰ শিক্ষাৰ প্ৰতি থকা আগ্রহ আৰু উৎসাহ যােগাবলৈ বিভিন্ন বিষয় আৰু ধৰণৰ পাঠ্যপুথিৰ প্রাচুর্য হােৱাটো নিতান্তই বাঞ্ছনীয়। এই দিশত অন্ততঃ মিচিং ভাষাৰ স্বাৰ্থত চৰকাৰে নামত স্বীকৃতি দি হাত সাৱটি বহি নাথাকি আগম কৗবাঙৰ দ্বাৰা দাখিল কৰা অসমৰ মিচিং অধ্যুষিত অঞ্চলত থকা
প্রাথমিক বিদ্যালয়বােৰত মিচিং ভাষাৰ শিক্ষক নিযুক্তি কৰাটো অতি প্রয়ােজন। আগম কবাঙে চৰকাৰৰ লগত অবিৰত যােগাযােগ ৰক্ষা কৰি শিক্ষকৰ নিয়মীয়া নিযুক্তি, উচ্চতৰ শিক্ষাৰ বাবে মানবিশিষ্ট পাঠ্যপুথি ৰচনা, প্রকাশ আৰু প্ৰচাৰৰ ব্যৱস্থা লােৱাটো সময়ােপযােগী অপৰিহাৰ্য পদক্ষেপ হ’ব। শিক্ষাদানেৰে শিক্ষা লাভ নকৰিলে শুদ্ধকে লিখিব আৰু পঢ়িব নােৱাৰিব আৰু পিছলৈ ভাষাটিৰ প্রতি অনীহা আহি কথােপকথনাে বাদ পৰিবগৈ। ফলস্বৰূপে ভাষাটি কোৱা জনগণৰ সংখ্যাও এসময়ত কমি যাব। ইয়াৰ ফলশ্রুতি অদূৰ ভৱিষ্যতে সহজ নহ'লেও হ'ব পৰা ভয়াবহ পৰিণতি হ’ব ভাষা বিলুপ্তি। এই প্রসংগত বিখ্যাত আলােচনী Nature ত প্রকাশিত অধ্যাপক Bill Southelandৰ এটা প্ৰবন্ধৰ মতে জীৱৰ বিলুপ্তিৰ প্রক্রিয়া যিটো সূত্ৰৰ আধাৰত ঠিৰাং কৰিব পাৰে, ভাষা এটাৰ ক্ষেত্ৰতাে সেই একেই সূত্র খাটে। ভাষা বিলুপ্তিৰ প্রক্রিয়াটো কেইবাটাও পর্যায়ৰ মাজেদি পাৰ হৈ যায়। মূল হিচাপে
১। সংকটৰ আৰম্ভণি ঃ যদি বয়সস্থ লােকৰ বাদে খুব কম সংখ্যক লােকেহে ভাষাটো ব্যৱহাৰ কৰে।
২। অধিক সংকটাপন্ন ঃ যদি মাত্র ৪০ বছৰৰ অধিক লােকেহে ভাষাটো ব্যৱহাৰ কৰে।
৩। বিপজ্জনকভাৱে সংকটাপন্ন ঃ যদি মাত্র ৭০ বছৰৰ অধিক বয়সৰ লােকেহে ভাষাটো ব্যৱহাৰ কৰে।
ভাষা এটা বিলুপ্তিৰ প্রক্রিয়াটো আমাৰ অজ্ঞাতেই ভাষাৰ ৰূপান্তৰৰ (Language Shifting) মাজেদি দীর্ঘ পৰিক্ৰমাৰে আগবাঢ়ে। মিচিং ভাষাকো যদি এতিয়াই শিক্ষাদানৰ বাবে চৰকাৰ তথা সমাজৰ বিজ্ঞ সমাজে আন্তৰিকতাৰে আৱশ্যকীয় পদক্ষেপ গ্রহণ নকৰে তেন্তে অদূৰ ভৱিষ্যতৰ বাবে ভাষাটো সংকটাপন্ন হ'বগৈ পাৰে। এটা প্ৰজন্মৰ বাবে ভাষাৰ বিপর্যয় অজ্ঞাত হলেও কেইবাটাও প্রজন্মৰ সামূহিক জ্ঞানেৰে ইয়াক প্রত্যক্ষ কৰিব।
মিচিং ভাষাটো যে স্বয়ংসম্পূর্ণ ভাষা সেই বিষয়ে বৈয়াকৰণিক তথা ভাষাতত্ত্ব সম্বন্ধীয় বিজ্ঞানসন্মতভাৱে লিপিবদ্ধ এখন পুথিৰ অভাৱ আজি সকলােৱে মর্মে মর্মে উপলব্ধি কৰোঁ। আমাক লাগে ড’ বাণীকান্ত কাকতিৰ নিচিনা এজন ভাষাবিদ পণ্ডিত যি ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ Origin and Development of Bengali Language গ্রন্থই অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলি কৰা মত যুক্তি সহকাৰে খণ্ডন কৰিছিল। আমাক লাগে প্রমােদচন্দ্র ভট্টাচাৰ্যৰ নিচিনা এজন ভাষাবিদ, যাৰ বাৰ বছৰ ধৰি গৱেষণামূলক অধ্যয়নৰ ফল A Descriptive Analysis of the Bodo Language পুথিখনিয়ে বড়াে ভাষাৰ মূল পুঁতিটো তৈয়াৰ কৰি আজিৰ পর্যায় প্রাপ্তত এক মহৎ অৱদান আগবঢ়ালে। যিখন পুথিৰ ফন’লজী এণ্ড ফনেটিক্সত ভাষাটিৰ স্বৰবৰ্ণ, ব্যঞ্জনবর্ণ, উপ-স্বৰবৰ্ণ, সুৰ, ধ্বনি বৈচিত্র্য, বিভিন্নতা, শব্দ বিভিন্নতা আদি মফোফনেমিক্স খণ্ডত ভাষাটোৰ উচ্চাৰণ আৰু উচ্চাৰণৰ ৰূপান্তৰ বিষয়ে বিশদ তথ্য, মফেমিক্স এণ্ড টেকনিক্সত ভাষাৰ ধ্বনি, শব্দৰ আন্তঃগাঁথনি, ধ্বনিৰ বিভিন্ন ৰূপ, ঠাই বিশেষে শব্দ আৰু ধ্বনিৰ বিভিন্নতা আৰু শেষৰ খণ্ডত আছে ভাষাৰ ব্যাকৰণ তথা বাক্য ব্যাকৰণ। মিচিং আগম কৗবাঙে এনে ধৰণৰ ভাষাতত্ত্বৰ দিশবােৰৰ ওপৰত ভাষাবিদৰ সমাহাৰত দীর্ঘম্যাদী আঁচনিৰ যােগেদি বা ব্যক্তিগতভাৱে মিচিং অ-মিচিং ভাষাবিদক ভাষাটি চৰ্চাৰ বাবে উৎসাহিত আৰু সহায়-সহযােগিতা আগবঢ়োৱা উচিত বিবেচনা কৰোঁ।
মিচিং ভাষাটিৰ ভেটি অধিক শক্তিশালী আৰু উন্নততৰ দিশলৈ আগবঢ়াই নিবলৈ পূর্ণ পর্যায়ৰ বৃহদাকাৰ অভিধানৰ প্রয়ােজন অনস্বীকার্য। আজি পর্যন্ত মিচিং ভাষাই J.H. Lorrain ৰ 'A Dictionary of Abor' Miri Language (1909), অধ্যাপক টাবুৰাম টাইদৰ 'A Dictionary of the Mising Language' (1995) আৰু Mising Gompir Kumsung (2000) খনেই অভিধানৰ স্থান লাভ কৰি আহিছে। এই তিনিখন অভিধানে মিচিং ভাষা সম্পর্কীয় বহু আভিধানিক তথ্য পূৰণ কৰিছে। অভিধানৰ বিভিন্ন প্রকাৰ, যেনে— শব্দভিত্তিক, ভাষাভিত্তিক, কালানুক্রমিক, সাহিত্যিভিত্তিক, উপ-ভাষাভিত্তিক তথা বিষয়ভিত্তিক আদিৰ ওপৰতাে মিচিং ভাষাত ক্রমান্বয়ে ৰচনাৰ প্ৰয়ােজনীয়তা আহি পৰিছে। তাৰ উপৰি ন শিকাৰুৰ বাবে, প্রাপ্তবয়স্কৰ বাবে, বিদেশী লােকৰ বাবে, জীৱনী অভিধান, বিদেশী শব্দ আদিৰ অভিধান সম্পর্কেও মিচিং ভাষাত অভিধান ৰচনা কৰিব লাগিব। মিচিং ভাষাত থকা উপ- ভাষাসমূহৰ ক্ষেত্ৰততা ভিন্নভাৱে উপভাষীয় অভিধান ৰচনা কৰিব পাৰে। মূল ভাষাৰ পৰা উপ-ভাষাৰ আদান-প্রদান প্ৰথাটোক Bill Southland-এ বংশ বৃদ্ধিৰ লগত তুলনা কৰিছে। ভাষাটি তেতিয়াহে অধিক সমৃদ্ধিশালী হ'ব। আগম-কৗবাঙৰ তৎপৰতাত আৰু দুই এখন অভিধান প্রণয়নৰ প্রস্তুতি চলাই থকাটো অতি শুভ লক্ষণ আৰু ভাষাটিৰ বাবে আশীর্বাদস্বৰূপ হ'ব। তদুপৰি আগত কৈ অহা বিষয়সমূহৰ ওপৰতাে বিজ্ঞসমাজে অভিধান ৰচনা কৰিবলৈ আগবাঢ়ি অহা উচিত।
মিচিং ভাষাত মৌলিক সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত লেখক সমাজৰ বাবে আটাইতকৈ লাগতিয়াল দিশটো হৈছে পৰিভাষা বিষয়ক পুথি। লিখিত ৰূপত নৱ প্রস্ফুটিত মিচিং ভাষাত পৰিৱেশ-পৰিস্থিতি সাপেক্ষে সাহিত্য ৰচনাত প্ৰচুৰ পৰিমাণৰ পাৰিভাষিক শব্দ প্রয়ােজন। এই সমস্যাটিৰ সমাধানৰ অৰ্থে কীবাঙে ‘গমনু' নামৰ এখনি পৰিভাষাৰ পুথি প্রকাশ কৰি উলিয়াইছে। প্রাথমিক পর্যায়ৰ কাম হিচাবে গমনুৱে লেখক সমাজক যথেষ্ট উপকৃত কৰিব বুলি ভাবোঁ। তথাপি দফা দফাকৈ প্ৰতিবছৰে গনুৰ কলেৱৰ বৃদ্ধি হােৱাটো আমি কামনা কৰোঁ। বর্তমান কাবাঙে গমনুখন প্ৰকাশ কৰি উলিওৱাৰ নিয়ম-নীতি মতে আগবাঢ়িলে এসময়ত গমনুৱেও পূর্ণাংগ ৰূপ পাবগৈ।
মিচিং ভাষা বিষয়ক চিন্তা-চৰ্চা কৰি ভাষাটিৰ উত্তৰণৰ বিষয়ে কামে কাজে আগবাঢ়ি যােৱা লােকৰ অভাৱে আজি এক সমস্যাৰ সৃষ্টি কৰিছে। দুই-এজনমান ভাষাবিদৰ বাহিৰে আমাৰ সমাজৰ বহুতে ভাষাবিষয়ক শিক্ষা-দীক্ষাৰে পৰিপুষ্ট হৈয়াে নিজৰ ভাষাটিলৈ পিঠি দিয়াৰ এক পৰম্পৰা গঢ় লৈ উঠিছে। মিচিং ভাষাটিৰ প্ৰগতিৰ বাবে আমাৰ সমাজৰ শিক্ষিত লােকৰ এনে মানসিকতা গ্রহণযােগ্য হ'ব নােৱাৰে। আমি সকলােৱে জনা উচিত যে মিচিং ভাষাটিক কোনােবা অ-মিচিং লােকে আহি অহনির্শে চর্চা কৰি বিশ্ব-দৰবাৰত প্রতিষ্ঠা কেতিয়াও কৰি নিদিয়ে। আমি নিজেই নিজৰ ভাষাটিক উন্নতি আৰু প্ৰগতিৰ দুৱাৰলৈ আগবঢ়াই নিব লাগিব। আমাৰ মাজৰ পৰাই ড’ বাণীকান্ত কাকতি, ড° প্রমােদ চন্দ্র ভট্টাচাৰ্য্য আদিৰ দৰে ভাষাবিদ, জে. এফ. নিধাম, জে হার্বার্ট লৰেইন, কেপ্টেইন ই. ই. স্মিথ, উইলিয়াম ৰবিনচন আদিৰ দৰে ভাষাৰ চৰ্চা কৰোঁতা নমস্য তথা বিশিষ্ট ব্যক্তিৰ উত্থান হ'ব লাগিব। বড়াে ভাষাই আজি ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে আৰু সাহিত্যিক মধুৰাম বড়ােৱে সাহিত্য অকাদেমিৰ নিচিনা সৰ্বভাৰতীয় পর্যায়ৰ সন্মান লাভ কৰিবলৈ সমৰ্থবান হৈছে। তেওঁবিলাকৰ জাতীয় চেতনা, ভাষা-সংস্কৃতিৰ উত্তৰণৰ প্ৰতি থকা প্রবল আশা-আকাংক্ষা আজি পূৰণৰ দিশত ধাৱিত হৈছে। বড়াে সমাজৰ ত্যাগ আৰু অহােপুৰুষার্থক মিচিং সমাজে অনুকৰণ কৰাটো আজিৰ তাৰিখত এক মহৎ
প্রতিজ্ঞা হােৱা উচিত বুলি ভাবিব পাৰি।
মিচিং ভাষাত আৰু এটা প্রয়ােজনীয় সংযােজন হ’ব থেছাৰাছ (Thesaurus) পুথি প্রণয়ন কৰাটো। অভিধান, ব্যাকৰণ, বানান পদ্ধতিৰ বাহিৰেও এই বিষয়ৰ পুথিও মিচিং ভাষাৰ বাবে আৱশ্যক। এটা শব্দই বিভিন্ন অর্থ প্রকাশ কৰা বহু শব্দ মিচিং ভাষাতাে আছে। এনে বিভিন্ন অর্থ প্রকাশক পুথিখন হৈছে থেছাৰাছ। The New International WEBSTER'S POCKET REFERENCE LIBRARY-এ সকংলন আৰু প্ৰকাশ কৰা হাতপুথিৰ নিচিনাকৈ মিচিং আগম কাবাঙেও ভাষাটিৰ বিষয়ত অভিধান, ব্যাকৰণ, থেছাৰাছ আদি বিষয়ত হাতপুথি আকাৰত পুথি প্রকাশৰ ব্যৱস্থা কৰিব পাৰে। তেনে ব্যৱস্থাই ভাষাটিৰ বিষয়ে মিচিং, অ-মিচিং সকলােৰে বাবে কম সময়ৰ ভিতৰত লাগতিয়াল জ্ঞান আয়ত্ত কৰাত সহায় হ'ব।
মিচিং আগম কৗবাঙৰ নেতৃত্বত প্রতি দুই-তিনি মাহৰ অন্তৰে অন্তৰে ভাষা বিষয়ক জ্ঞান থকা প্রবীণ, নবীন, মিচিং, অ-মিচিং সকলােকে সামৰি নিয়মীয়াকৈ ভাষা চর্চাৰ ব্যৱস্থা ল'ব লাগে। প্ৰতিটো বিষয়ৰ ওপৰত অংশ গ্রহণকাৰীকে লিখিতভাৱে বক্তব্য দাঙি ধৰাৰ বাবে আহ্বান জনাব লাগে। সেই তথ্যপাতিবােৰ পিছৰ পৰ্যায়ত পুনৰীক্ষণ পদ্ধতিৰে সামৰ্মখিনি উলিয়াই ভাষাতত্ত্বৰ বহুত তথ্য উদ্ধাৰ কৰিব পৰা যাব। সমলবােৰ আমাৰ সমাজৰ মাজতে সিঁচৰিত হৈ আছে। সেইবােৰকেই আমি প্রণালীবদ্ধভাৱে সংকলিত কৰাটো হ’ব এক ডাঙৰ প্ৰত্যাহ্বান।
এই ভাষা চর্চাৰ লগতে ইয়াক জনসাধাৰণৰ মাজত প্ৰকাশ কৰি প্ৰচাৰ কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ যােগেদি পাঠক সমাজৰ মাজত থকা অভিজ্ঞ লােকৰ দৃষ্টি আকর্ষণ কৰি পৰামৰ্শ লাভ কৰিব পাৰে। সেইবােৰ কামৰ বাবে আগম কৗবাঙে প্রতিমাহে বাতৰি কাকত এখন নিয়মীয়াকৈ প্ৰকাশৰ ব্যৱস্থাও কৰিব পাৰে। তদুপৰি বার্ষিক কৗবাঙৰ মুখপত্রখনাে তিনিমাহৰ অন্তৰে অন্তৰে প্ৰকাশ কৰি উলিয়ালে ভাষা চর্চাৰ পৰিসৰ বৃদ্ধি হ'ব। লগতে ভাষা শিক্ষা বিষয়ক খণ্ড এটাও নিয়মিতভাৱে প্ৰকাশ কৰিলে সকলাে শ্ৰেণীৰ লােকৰ বাবে ভাষা শিকাটো সহজ হৈ পৰিব।
ওপৰৰ আলােচনাৰ পৰা দেখা গ'ল যে মিচিং ভাষাক স্বয়ংসম্পূর্ণ ভাষা বুলি প্রতিষ্ঠা কৰিবলৈ এতিয়াও মিচিং আগম কৗবাং তথা মিচিং সমাজৰ কৰণীয় বহুত কাম বাকী আছে। বর্তমানৰ প্ৰগতিৰ হেঙাৰবােৰ তন্ন তন্নকৈ বিশ্লেষণ কৰি সেইবােৰৰ সমাধানার্থে বিভিন্নজনৰ গ্রহণযােগ্য পৰামর্শ মতে আগবাঢ়ি তথা সকলাে মিচিঙে জ্ঞান, আর্থিক, শাৰীৰিক আৰু মানসিক শক্তি যােগালে মিচিং ভাষাকো এক সর্বাংগ সুন্দৰ ভাষা হিচাপে প্রতিষ্ঠা কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।
বিঃ দ্রঃ এতিয়াও পৃথিৱীৰ প্রায় ৬,৮০০ টা ভাষা বিলুপ্তিৰ পথত অগ্রসৰ হৈছে। ইয়াৰে ১,০০০ টা (১৫%) আমেৰিকাত, ২,৪০০ টা (৩৫%) আফ্রিকাত ২০০ টা (3%) ইউৰােপত, ২,০০০ টা (২৮%) এছিয়াৰ মহাদেশত আৰু ১,১০০ টা (১৯%) প্রশান্ত মহাসাগৰীয় অঞ্চলত। ভাষাবিদসকলে সন্দেহ প্রকাশ কৰে যে পৃথিৱীৰ প্রায় ৯০%ভাষা একবিংশ শতিকাৰ শেষত বিলুপ্ত হ'ব। আমেৰিকাত যােৱা ৫০০ বছৰত ১৭৬ টা থলুৱা ভাষাৰ প্রায় ৫২ টাই বিলুপ্ত হ’ল। এটা কথা উল্লেখযােগ্য যে কেৱল কম সংখ্যক লােকে ব্যৱহাৰ কৰা ভাষাবােৰেই যে মৃত্যুৰ মুখত পৰিছে এনে নহয়, এক বিশাল জনগণৰ কথিত ভাষা কিছুমানাে বিলুপ্তিৰ সংকটত পৰিছে।
No comments:
Post a Comment