সৰাপাতৰ উচুপনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

সৰাপাতৰ উচুপনি

 


সৰাপাতৰ উচুপনি


                          ভাৰতী বৰদলৈ

                হেঙেৰাবাৰী, গুৱাহাটী


ফাগুন তই আহিলি উতনুৱা হৈ

মোৰ পদূলিৰ পলাশ, শিমলুৰ

পকা পাতবোৰৰ উচুপনিত

মোৰ হিয়াইও উচুপি উঠে।


দুৰণিত ফুলি থকা সৌ

কৃষ্ণচূড়া ডালেও বিনাইছে

গছবোৰ লঠঙা কৰি সৰিপৰা পাতবোৰে ধৰিত্ৰী আইক বেজাৰতে সাৱটি ধৰিছে।


চিন্ন বিচ্ছিন্ন হৈ পৰা সৰাপাত বোৰৰ

উচুপনি বাৰু কোনেনো শুনিছে

ঠিকনা বিহীন আজি সৰাপাতবোৰো

কোনদিনা সেউজীয়া পাতেৰে শ্যামলী হ'ব

মোৰ পদূলিৰ পলাশ, শিমলু জুপিৰ

ন - কুঁহিপাতেও মিচিকিয়াই হাঁহিব।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages