বাট
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
মোৰ ফালে আহি থকা
বেলিৰ ছাঁটো ডুবি আছে
ক্ৰমশঃ
মই স্থিৰ হৈ চাই আছোঁ
এটা অচিন বাট
মাজেদিয়েই পাৰ হৈ গৈছে অগণন
তুমি দূৰত, কোনফালে চাই আছা
মই দেখা নাই ৷
আহোঁতে আমি দুয়ো
বেলেগ বেলেগ পথেৰে
একেলগে আহিছিলোঁ
তুমি সোণসেৰীয়া বাটেৰে
আৰু মই মাটিপথেৰে
আমি জী আছোঁ পৃথকে
তোমাৰে মোৰে বহুত তফাৎ
অথচ আমি বহুত একে ৷
বোধে কাটি আছে
মোৰ দৰে তোমাৰো এটা বাট
নদী এখন আঁতৰি গৈ
মৰুভূমি এখন
হাততে সৰিছে ৷
মামা মধুসূদন
তোমাৰ আঙুলিটো
কোন বাটে পোন ?
এই বাট সেই বাট নহয়
নহয় বুদ্ধৰ সংসাৰ-বিৰাগী বাট
এই বাট অৰণ্যত হেৰুওৱা বাটো নহয়
প্ৰস্থানৰ একেটি বাট
এদিন লগ হ'ম তাত
আৰু হিচাপ-নিকাচবোৰো তাতেই হ'ব ৷
এতিয়া চোৱা
বতাহৰ অচিলা লৈ সৰি আছে পাত
চাঁচি থকা বাটে কি কথা ক'লে
কোনেও নুশুনিলে ৷
মধুসূদন মামায়েও কাণ উনাই ৰ'লে ৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment