আঙুলিকথা
স্বপ্নালী কলিতা
খোজৰ ভৰত মাটিৰ উশাহ নুটুটক বুলিয়েই
এদিন ধৰিছিলোঁ মোৰ সহোদৰৰ
আঙুলিত
এনেদৰে গৈ গৈ যেতিয়া
পানীৰ বুকুত এখন শুকান অৰণ্যৰ
আৰ্তনাদ দেখিলোঁ
সেইখিনিতে
ঠিক সেইখিনিতে সহোদৰে
এৰি দিলে মোৰ অঁকৰা আঙুলিক
আৰু সেই বেজাৰতে
মোৰ তৰ্জনীত এটা
ভাঁজ লাগিল
বেঁকা আঙুলিটো পোন হওক বুলিয়েই
মই বৰ আলফুলে ধৰিলোঁ মোৰ
বন্ধুৰ আঙুলিত
আৰু বাট বুলিলো অদূৰলৈ...
কৈ থকা আৰু গৈ থকাৰ
সন্তুলনত আমাৰ
ইতিহাস আৰু সপোন
ওখ হৈ আমাক দেখুৱাইছিল
কল্পদেৱালৰ ছায়াচিত্ৰ
মই তেতিয়া বিচাৰি আছিলোঁ দুৱাৰৰ
বাট
হঠাৎ ঘটিল সেই অঘটন
বন্ধুৰ আঙুলিৰ লগত সুলকি
গুছি গ'ল মোৰ সৰল আঙুলি
ৰৈ গ'ল আঙুলিকথা
বন্ধুৰ শব্দৰ ছয়াময়া আৱৰণ
বন্ধুৱে কৈছিল
মোৰ সীমাবদ্ধতাৰ কথা
সোঁৱৰাই দিছিল মোৰ
ভৰিৰ তলৰ সোপোকা মাটিৰ কথা
আৰু কৰিছিল-
আইৰ বেঁকা আঙুলিত লাগি থকা
পঙ্গু আখৰকেইটাক ভেঙুচালি
পিতাদেউৰ নিৰক্ষৰ বৃদ্ধ আঙুলিটোক
নানান দুৰ্গতি
সেইখিনিৰপৰা মই আইৰ গৰ্ভলৈ
উভতি গ'লোঁ
আঙুলিকেইটা আইৰ সাঁচত ঢালি
পুনৰ ভূমিস্থ হ'লোঁ
আৰু
আঙুলিৰ সহচৰ
আঙুলি হৈআগলৈ
গৈ থাকিলোঁ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment