চিঞৰ
চিন্ময় ডেকা
জলাহ টংলা, ওদালগুৰি
জীৱন বাটত হেজাৰ অশ্রুনিগৰা পৰিস্থিতিৰ মাজত অনবদ্য অৱদানৰ চিৰস্থায়ী বাস্তৱিক কান্দোন মাত্র "চিঞৰ।" হয়টো, ভবাই নাছিলা তুমি মোৰ অন্তৰৰ মৰমকণ ! কেতিয়াওঁ নুবুজিবা তুমি মোৰ তৃষ্ণাতুৰ, হিয়া-ভঙা কান্দোন; জীৱনৰ বিয়লি বেলা'লৈ থকাৰ প্ৰতিশ্ৰুতিৰে আজি কৰি তুলিলা তুমি মোক প্ৰত্যেকটো ক্ষনতে অকলশৰীয়া। এই কংকালময় সময়ত মাত এষাৰ দিবলৈ, কাৰো'ৰে নাই সময়। কিয়নো, এই সংসাৰত কাৰোৰে নাই ভৰষা। সি লাগিলে, নিজৰ সন্তানেই কি নহওঁক; "জীৱন দুদিনীয়া" কিন্তু মনৰ স্মৃতি জাগ্রত হ'লে, এজাক ধুমুহাই সৈতে চিঞৰা টো অৱশ্যম্ভাৱী। সেয়ে আজি মই তোমাক নপোৱাৰ বেদনাত, যেন এনে পৰিস্থিতিত। হথাৎ, এনে চিঞৰে বুকুত কন্দুৱাই কৰে'হি দিশহাৰা। তুমিওঁ মৰ্মে-মৰ্মে উপলদ্ধি কৰিবা এদিন, মই এতিয়া যান্ত্রনাত কক-বকাই্ ফুৰাঁ পথভ্রষ্ট পথিক। বাধাগ্ৰস্ততা হিয়াভৰা কান্দোনৰ উচুপনি, ক্ৰমশঃ চিঞৰ।
দূৰভাষঃ ৬০০২৬৬৬৫৯৩
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:
Post a Comment