যুঁজাৰু সৈনিকৰ টেংকৰ সিপাৰে
কমলেশ্বৰ কলিতা
ৰঙাকৈ জ্বলা সময় অলপত মেঘৰ ছাই-ধুমুহা
মৌন ওঁঠ, সন্তর্পনে উঠি অহা বেলি।
যুঁজাৰু সৈনিকৰ টেংকৰ সিপাৰে দেশ শইচৰ মানুহ,
বিনীত ভালপোৱাৰ স্বদেশ
নিজৰ নিজৰ দেশলৈ সোমাই আহে সেউজীয়াবোৰ।
বৈমানিকজনৰ নাভিত কোন আয়ে জুখিব পাৰে বয়স, সুহুৰি-মাত
এতিয়া কঁপি উঠা নদীবোৰ বৈ থকালৈ চাই
আইৰ চিকুণ বাঁহীটো হাওলি আহিছে
বগা ৰুমাল এখন উৰুৱাই উৰুৱাই -
আমাৰ হাতত গোলাপৰ নিচা।
ঠিকনাঃ
সহকাৰী অধ্যাপক, লংকা কলেজ
ফোনঃ ৯৪৩৫৮৬২৮০০
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment