বাটে ঘাটে শুনা কথাৰ সাধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

বাটে ঘাটে শুনা কথাৰ সাধু

 


সাধু

বাটে ঘাটে শুনা কথাৰ সাধু

সংগ্ৰহঃ  বিজয় বৰি


    জন মানুহে নতুনকৈ ডায়েবিটিছ ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে ৰাতিৰ ভাগত ৰুটি খাবলৈ পৰামৰ্শ দিলে। যিহেতু তেজত গ্লুকচৰ পৰিমাণ বেছি হৈছে ভাত খালে ইয়াৰ পৰিমাণ আৰু অধিক বৃদ্ধি পায়। গতিকে নিশাৰ ভাগত ভাত খোৱাৰ পৰিৱৰ্তে ৰুটি খাব লাগে। কিন্তু চিকিৎসকজনে ৰুটি খাব লাগে বুলিহে পৰামৰ্শ দিলে। ভাতৰ পৰিৱৰ্তে ৰুটি খাবলৈ কোৱা নহ'ল। ইফালে ৰোগীজনে নিশা ভাত খোৱাৰ পিছত নিয়মীয়াকৈ ৰুটি খাবলৈ ল'লে। এমাহ মানৰ পিছত কোনো ভাল ফলাফল লাভ নকৰাত পুনৰ চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ বিচাৰিলে। তেতিয়া ৰোগীৰ খাদ্য তালিকা জানিব বিচৰাত ৰাতি ভাত খোৱাৰ পিছত নিয়মীয়াকৈ ৰুটি খাইছো বুলি উত্তৰ দিলে।


(দুই)


 অসমীয়া ছবি এখনত চোৱা কাহিনী এটা ক'ব বিচাৰিছোঁ। দোকান এখনত নিয়মীয়াকৈ বস্তু লোৱা গ্ৰাহক এগৰাকী পুৱাই বস্তু ল'বলৈ আহিল। তেতিয়া দোকানীজনে দোকানত ধূপ চাকি জ্বলাই আছিল। গ্ৰাহকজনে চাউল পাঁচ কেজি, দাইল এক কেজি আৰু আলু দুই কেজি তৎক্ষণাৎ দিবলৈ ক'লে। দোকানীজনে বস্তুবোৰ বেলেগ বেলেগ পলিটিনত ভৰাই দিব বিচাৰিছিল কিন্তু গ্ৰাহকে ক'লে মোক এখন মোনাতে সকলো বস্তু ভৰাই দিয়ক। দোকানীয়ে ক'লে এইটো কেনেকৈ হ'ব? আপুনি বস্তুবোৰ ঘৰত কেনেকৈ খাবগে? তেতিয়া গ্ৰাহকজনে ক'লে মোৰ ঘৰত তিনিজনী বোৱাৰী আছে, সিহঁতে দিনটোত এনেই ম'বাইল টিপি থাকে। গতিকে বস্তুবোৰ একেলগে আনি সিহঁতক বাচিব দিম। কথা মতেই দোকানীজনে সকলো বস্তু এখন মোনাত ভৰাই দিলেই। ইফালে টকা দিবৰ সময়ত গ্ৰাহকজনে দিবলগীয়া টকাটো কিমান হৈছে লিখি ৰাখিবলৈ ক'লে। তেতিয়া দোকানীজনে পুৱাই পুৱাই এইদৰে বাকী দিব নোৱাৰিম বুলি ক'লে। তেতিয়া গ্ৰাহকজনে ক'লে দিব নোৱাৰে যদি নালাগে বুলি বস্তুবোৰ নোলোৱাকৈ যাবলৈ ওলাল। চাউল, দাইল আৰু আলু মিহলোৱা বস্তুবোৰ গ্ৰাহকজনে নালাগে বুলি কোৱাত দোকানীজন বিবুদ্ধিত পৰিল। চাউল, দাইল আৰু আলু মিহলোৱা বস্তুবোৰ এতিয়া ক'ত বিক্ৰী কৰিবগে। উপায় নাপায় দোকানীজনে বস্তুবোৰ গ্ৰাহকজনক দি দিলে আৰু যেতিয়া সুবিধা হয় তেতিয়া ইয়াৰ মূল্য ঘূৰাই দিবলৈ অনুৰোধ জনাই বিদায় দিলে। 


 (তিনি) 

এজন মানুহৰ তিনিজন সন্তান আছিল। তেওঁৰ প্ৰথমজন সন্তানে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়। তেতিয়া মানুহজনে পৰীক্ষাৰ খবৰ লবলৈ অহা লোকসকলক চাহ, বিস্কুট খোৱাই পঠায়। তাৰ কিছু বছৰৰ পিছত দ্বিতীয়জন সন্তানেও প্ৰথম বিভাগত তিনিটা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হয়। তেতিয়াও মানুহজনে শুভাকাংক্ষীসকলক আগৰ দৰেই চাহ-বিস্কুট খোৱাই। তাৰ দুবছৰৰ পিছত মানুহজনৰ তৃতীয়গৰাকী সন্তানে তৃতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেতিয়া মানুহজনে মহা ধুমধামেৰে ৰাইজক ভোজ-ভাত খোৱায়। তেতিয়া গাঁৱৰ লোকসকলে মানুহজনক প্ৰশ্ন কৰে আগৰ দুজন ল'ৰাই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতো ৰাইজক চাহ-বিস্কুট বা তামোল-পানৰ বাহিৰে একো এটা নিদিয়া মানুহজন এইবাৰ ৰাইজক ভোজ-ভাত খাবলৈ দিয়াৰ কাৰণ কি? তেতিয়া মানুহজনে গহীনে কয় — এইজনেহে মোক ভৱিষ্যতে খোৱাব /পুহিব। বাকীবোৰ ল'ৰাই চাকৰি কৰি বাহিৰত থাকিব। সি ঘৰতে থাকিব, সেইবাবে পাৰ্টি দিছোঁ। 

   পুনশ্চ : মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা বা উচ্চ পদস্থ চাকৰি কৰা ল'ৰাই পিতৃ মাতৃক উপযুক্ত ভৰণ পোষণ বহন নকৰা নহয়। বিষয়টো গল্প হিচাপে ল'বলৈ অনুৰোধ জনালো।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages