সম্পাদকীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

সম্পাদকীয়

 



Nébíngké Lupénam সম্পাদকীয়…


'হয়' ৰে আৰম্ভ হওঁক নতুন বছৰ


'হয়' ইংৰাজীত 'Yes' বোলা এই শব্দটোৱে আপোনাৰ জীৱন নিমিষতে সলনি কৰিব পাৰে। 'হয়' য়ে কেনেকৈনো এজন মানুহৰ জীৱন সলনি কৰিব পাৰে তাৰ বিষয়ে জনাৰ আগতে 'হয়' ৰ অৰ্থটো অলপ বুজি লওঁ ! বহু ক্ষেত্ৰত দেখা যায় যে বহুতে 'নহয়' কো 'হয়' বোলে। 'নহয়'ক 'হয়' বোলাটো এক অপৰাধ। এনে অপৰাধে মানুহৰ জীৱনলৈ বিপদ আনিব পাৰে। ইয়াত মই কব বিচৰা 'হয়'ৰ অৰ্থ সম্পূৰ্ণ ইতিবাচক। ধৰি লওক আপোনাক কোনোবাই কিবা এটা কামৰ দায়িত্ব দিলে আৰু সুধিলে যে আপুনি এই কামটো কৰিব পাৰিবনে ? আপুনি মাত্ৰ দুটা শব্দৰে উত্তৰ দিলে - হয়, পাৰিম। সেই যে আপুনি কলে - হয়, পাৰিম। এইটোৱে আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিলে। আৰু সেই 'হয়' য়েই আপোনাৰ জীৱনলৈ আনি দিব পাৰে এক অভূতপূৰ্ব পৰিৱৰ্তন। আপুনি জানেই যে আত্মবিশ্বাসী মানুহৰ অসাধ্য একো নাথাকে।

   এতিয়া নিশ্চয় বুজিব পাৰিছে 'হয়'ৰ অৰ্থটো মই কি অৰ্থত কব বিচাৰিছোঁ। 'হয়'ৰ অৰ্থ সেইটো নহয় যে কোনোবাই কিবা এটা কলে আৰু সেইটো আপুনি কোনো বিচাৰ বিবেচনা নকৰাকৈ অন্ধৰ দৰে মানি ললে। 'হয়' মানে নতুন কিবা এটা কৰাৰ প্ৰয়াস (Try)। 'হয়' মানে এক প্ৰতিজ্ঞা (Promise)। 'হয়' মানেই ধনাত্মক দৃষ্টিভংগী (Positive Approach)

    'হয়' বা 'নহয়'ৰেই আমাৰ জীৱনৰ ইঞ্জিন চলি থাকে। আপুনি নিজৰ পুৰণি দিনৰ কিছুমান ভাল লগা মূহুৰ্তৰ কথা মনলৈ আনি জুখি চাওঁকচোন - আপুনি এটা বছৰত কিমানবাৰ 'হয়' কলে আৰু কিমানবাৰ 'নহয়' কলে ! দুটাৰ যদি কোনো এটাৰো উত্তৰ সঠিক সময়ত কোৱা হোৱা নাই তেন্তে আপুনি এটা বছৰ সম্পূৰ্ণ ব্যৰ্থ। 'হয়' বা 'নহয়'ৰে কোনো এটা কাম কৰিলেহে আপোনাৰ জীৱনলৈ সফলতা বা বিফলতা আহিব। 

    প্ৰত্যেক মানুহৰে কিবা নহয় কিবা এটা হোৱাৰ সপোন থাকে। আপুনি মইও তাৰ ব্যতিক্ৰম নহয় ! তেন্তে আৰু অপেক্ষা কিহৰ ? এই মূহুৰ্তৰ পৰাই আমি আৰম্ভ কৰিব পাৰোঁ এক নতুন জীৱন। ঠিক আপুনি বিচৰাৰ দৰেই সজাব পাৰে এক ৰঙীন পৃথিৱী। য'ত আপুনিয়েই ৰজা বা আপুনিয়েই প্ৰজা। পাৰ্থক্য মাথো কৰ্ম আৰু চিন্তাধাৰা।

   সি যি কি নহওঁক 'হয়' 'নহয়'ৰ কথাবোৰ কৈ আছোঁ যেতিয়া সফলতাৰো কাহিনী এটা শুনা যাওঁক - সফলতা কেনেকৈনো অৰ্জন কৰিব পাৰি। ছক্ৰেটিছে এদিন এজন মানুহক প্ৰেক্টিকেলী সফলতাৰ সংজ্ঞাটো বুজাইছিল। ঠিক একেদৰে আমিও নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে একাগ্ৰচিত্তে কাম কৰিবই লাগিব। আহকচোন ছক্ৰেটিছে সফলতাৰ কাহিনীটো কেনেকৈ মানুহজনক প্ৰেক্টিকেলী দেখুৱাইছিল - ছক্ৰেটিছক এদিন এজন মানুহে প্রশ্ন কৰিছিলঃ  সাফল্য কেনেকৈ পোৱা যায় ? কোনো উত্তৰ নিদি ছক্ৰেটিছে সেই মানুহজনক নদীৰ ঘাটলৈ লৈ গৈছিল। তাৰ পাছত পানীত নামি তেওঁৰ বলিষ্ঠ দুহাতেৰে মানুহজনক পানীৰ মাজত হেঁচি ধৰিছিল ৷ তাৰ মূৰটো পানীত ডুব গৈছিল । শৰীৰৰ সৰ্বশক্তি প্রয়োগ কৰি মানুহজনে ভাহি উঠাৰ চেষ্টা কৰিছিল। পৰা নাছিল। কেইমুহূৰ্তমানৰ পাছত ছক্ৰেটিছে তাক এৰি দিছিল। মানুহজনে সুধিছিলঃ আপুনি মোক মাৰি পেলাব খুজিছিল কিয়? ছক্ৰেটিছে উত্তৰ দিলেঃ অলপ আগতে তুমি জানিব খোজা নাছিলানে সাফল্য কেনেকৈ পোৱা যায় ?

মানুহ জনে কলে হয়, কিন্তু —

ছক্ৰেটিছে কলেঃ তোমাক পানীত ডুবাই ৰখা পর্যন্ত তোমাৰ মনত কি ভাব হৈছিল? ভবা নাছিল জানো তোমাৰ আত্মীয়-স্বজনৰ কথা? ভাল-বেয়া খাদ্যৰ কথা? আনকি ভগৱানৰ কথা?

মানুহজনে ক'লেঃ নাই। মই কেৱল ভাবিছিলোঁ কেতিয়া অকণ বতাহ পাওঁ। কেতিয়া প্ৰাণভৰি নিশ্বাস অকণ ল'ব পাৰোঁ। বতাহ অকণ পাবৰ বাবেই মোৰ মনে আপ্রাণ চেষ্টা কৰিছিল ।

ছক্ৰেটিছে ক'লেঃ সাফল্যৰ বাবে তোমাৰ মনে যেতিয়া এইদৰে আপ্রাণ চেষ্টা কৰিব তেতিয়াই তোমাৰ জীৱনলৈ সাফল্য আহিব। সাফল্য হ'ল একাগ্রচিত্তে কিবা এটা অৰ্জনৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হোৱা । তাৰ পাছত সেই প্রতিজ্ঞা পালনৰ বাবে আৰু বেছি একাগ্রচিত্ত হোৱা। 

   সফলতাৰ কাহিনী ইয়াতকৈ বেছি কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবো। 

  এতিয়া আমাৰ জীৱনৰ পৰা 'নহয়' অৰ্থাৎ নেতিবাচক চিন্তাধাৰাক পৰিহাৰ কৰি 'হয়' ইতিবাচক চিন্তাৰে আগবাঢ়ো আৰু নতুন চিন্তাৰে জীৱনটো আৰম্ভ কৰোঁ আহক। 

    সকলো মানুহেই নতুন বছৰত নতুন প্ৰতিজ্ঞা লয়। সকলোৱে আনৰ কুশল মঙ্গল কামনাৰে শুভেচ্ছাও যাচে কিন্তু নিজক অকণো সময় দিব নোৱাৰে আৰু কব নোৱাৰে আজিৰ পৰা আপুনিও (নিজক) কুশলে থাকিব। তেন্তে আহক আমিও আজি এক নতুন প্ৰতিজ্ঞা লওঁ 'হয়' আমিও পাৰোঁ, পাৰিম।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages