দেশখন পুৰি খাবলৈ মন যায়
প্ৰণৱ কুমাৰ বৰ্মন
আজি কালি মোৰ দেশখনক পুৰি খাবলৈ মন যায়
ঠিক ডেই যোৱা শুকান ৰুটীৰ দৰে
আৰু গণতান্ত্রিক সকলো কন্ঠ চিঞৰ
ৰাজনীতিৰ বোকাত পোত যোৱাৰ পাছত
মোৰ বাঢ়ি আহে বন্দুকৰ নিচা
মোৰ বাঢ়ি অহা অকণমানি শিশুটিক
মোৰ কবলৈ মন যায়
তর্জনী শক্তিশালী কৰ
যাতে নির্ভুল থাকে টার্গেট
তৃতীয় নয়ন খুলি দে
আৰু দৃষ্টি ৰাখ ভুৱা দেশপ্রেমিকৰ
দেশপ্রেমৰ উত্তাল নাটকত
আজিকালি দেশখন আন সকলৰ দৰে
মোৰো ভাল নলগা হ'ল
ককাৰ সমাধিত ৰৈ কবলৈ
মন যোৱা হল -
কিয় এইখন দেশ নির্মাণৰ বাবে কাৰাবাস খাটিছিলা
আৰু পেটত সিঁচিছিলা ভোক
নিৰন্ন দিন ৰাতি
অন্ধকাৰ ভৱিষ্যত
কি পালো অ' ককাদেউতা
কি পালো অ' গান্ধী দেউতা
সংসদত সাংসদে সংবিধান কুটি খায়
দেশখন নিজৰ সন্তানৰ জন্মদিনত
কেক বুলি খায়
গংগাক সিহঁতে মদৰ সতে মিহলায়
আজিকালি মোৰ দেশখনক পুৰি খাবলৈ মন যায়
দেখিবলৈ দেশখন এটা মুৰ্গীৰ নিচিনা
ঠোঁটত ভোক, পেটত ভোক
সোণালী পাখিৰ আঁৰত ভোকাতুৰৰ সমদল
ডিঙি কাটি জবাই কৰিবলৈ মন যায়
মোৰ দেশ আজি
নেতাৰ চিকেন তন্দুৰী ৰুটী মদ নাৰী
মোৰো দেশখন পুৰি খাবলৈ মন যায়।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment