প্ৰশ্নবোধক
শিখা হাতীবৰুৱা
যোৰহাট
সোতৰটা বছৰৰ পিছত ৰণক লগ পাই শিল্পীয়ে সোতৰটা মিনিট কথা পাতিব নোৱাৰিলে ।ইমান খৰখেদাকৈ কামৰ অজুহাত দেখুৱাই গুচি যোৱাৰ কাৰণটো ৰণে ভাবি ভাবি ঘৰ পালেহি ।
গাড়ী লাহে লাহে চলাই আহিলে যদিও মনৰ ভিতৰৰ যেন কিবা এটি ভাগি পৰিছে নিমিষতে ,বৰ অলসভাৱ এটা লৈ নামি দেখিলে খালী থকা ভাৰাঘৰটোলৈ মানুহ এঘৰ আহিল ..... ৰণৰ কলেজীয়া বন্ধু উৎপলৰ পৰিয়াল।যি উৎপলে একেখন গাৱঁৰে সহজ সৰল ছোৱালী এজনীক নতুন জীৱন দিছিল ....সমাজৰ সকলো প্ৰতাৰণা নেওচি আৰু তাইৰ প্ৰতাৰক প্ৰেমীকে গৰ্ভৱতী কৰি দূৰণিলৈ চাকৰি কৰিবলৈ বুলি গৈ অন্য এগৰাকী বিয়া কৰাই সংসাৰ পাতিছিলগৈ ।
অদম্য হেঁপাহেৰে ....পোনে পোনেই ৰণে উৎপলৰ ওচৰলৈ খৰখেদাকৈ গৈ দেখিলে....উৎপলেও গাড়ীৰ পৰা বস্তু নমাই আছে আৰু পত্নীক নিবলৈ অনুৰোধ কৰিছে।
পত্নী শিল্পীয়ে খৰখেদাকৈ বস্তুখিনি নিবলৈ আহি ৰণৰ মুখামুখি হৈ পুনৰ আচৰ্য হৈ পৰিল। মনৰ ভিতৰখন যেন তাইৰ পুনৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে এনে অনুভৱ হ'ল।পুত্ৰ ৰাণাই মাক শিল্পীক মাত দিয়াতহে তাই বাস্তৱলৈ ঘূৰি আহিল ।
নিঃসন্তান ৰণে ৰাণাৰ মুখলৈ চাই কিছুপৰ ভাবুক হৈ ৰ'ল,কাৰণ উৎপলে এটা দুৰ্ঘটনাত পতিত হৈ সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুওৱা কথাটো নিজেই বন্ধুমহলক জনাইছিল। খুহুতীয়া স্বভাৱৰ উৎপলে বন্ধু ৰণক হাঁহিৰে সম্ভাষণ জনাই বহিবলৈ অনুৰোধ কৰিলে যদিও ৰণে শিল্পীৰ চকুত চকু থৈ কথা পাতিব পৰা সাহস নিমিষতে হেৰুৱাই পেলোৱা যেন অনুভৱ হ'ল ।
গভীৰ ভাৱ এটাই আন্দোলিত কৰা ৰণৰ মনটোক...... শিল্পীয়ে বুজি পালে, ৰাণাক চৰণ চুই সেৱা কৰিবলৈ অনুৰোধ জনালে ।
ৰণৰ চকু মুখত.....হাজাৰ প্ৰশ্নবোধকে জুমুৰি দি থাকিল ।শিল্পীৰ স্থিতপ্ৰজ্ঞতাত যেন ৰণ আজি সঁচাই পৰাজিত । তাইৰ বিশ্বাসক ভৰিৰে মোহাৰি অনুতপ্ত হোৱা মুখখন বাহিৰৰ পোহৰত অধিক নিস্তেজ দেখা গৈছে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment