পপীয়াতৰা
ইনু দও
গুৱাহাটী
নিশাৰ চৰাইৰ ডেউকাৰ ধপধপনি শুনি জয়ৰামৰ টোপনি ভাঙি যায় ৷এনেয়ে সি টোপনি যোৱা বেছি পৰ হোৱা নাই ৷ৰাতি বহুত দেৰিকৈহে তাৰ টোপনি আহিছিল ৷কথা বোৰ ভাৱি ভাৱি পাতিখনত বাগৰি থাকোতে কেতিয়ানো তাৰ টোপনি আহিল সি গমকে নাপালে ৷ কাতি মাহৰ দীঘল ৰাতি নাযায় নুপুৱাই ৷ তাৰ জীৱনৰ ঘটি যোৱা ঘটনাবোৰ চকুৰ আগত ভাহি থাকে সদায় ৷মাজে মাজে সি বিছনা খনত খেপিয়াই ফুৰে তাৰ মৰমৰ তৰালীক বিচাৰি ৷তৰালীয়ে বাৰু কিয় এনেকুৱা কৰিলে ! সিতো তৰালীক প্ৰাণভৰি ভাল পাইছিল ৷হিয়া উবুৰিয়াই মৰম কৰিছিল ৷ তাৰ মৰম ভালপোৱাত অকণো কৃপণালি কৰা নাছিল ৷ তথাপি তাই তাক এৰি গুচি গ’’ল চিনি জানি নোপোৱা এটা অচিন ডেকালৈ ৷জয়ৰামে তৰালীক লৈ গঢ়িছিল এখন সুখৰ সংসাৰ ৷সিতো তাইক ভাল পায়ে বিয়া পাতিছিল ৷ গাঁৱ ৰ আৰু বহুত গাভৰুৱে তাৰ প্ৰেমত পৰিব খুজিছিল ৷তাৰ সুন্দৰ সুঠাম চেহেৰা দেখি ৷কিন্ত সি তৰালীকহে জীৱন সঙ্গী কৰি বাছি লৈছিল ৷ তৰালী আৰু জয়ৰামে যুগ্মজীৱন আৰম্ভ কৰা আজি দুবছৰহে হৈছে ৷ সিহঁতৰ বিয়াৰ এবছৰৰ পিছতে তাৰ মাক আৰু দেউতাক অগা পিচাকৈ এই সংসাৰৰ পৰা মেলানি মাগিলে ৷ ভনীয়েক জনীও সিহঁতৰ বিয়াৰ এবছৰৰ আগতে বিয়া হৈ গৈছিল ৷ তাই এতিয়া নিজৰ সংসাৰক লৈ ব্যস্ত ৷ মাথোঁ সি এতিয়া অকলশৰীয়া ৷ অকলশৰীয়া জীৱন কিমান ভয়ানক ! নিসংগতাক সি বৰ ভয় কৰে ৷ তথাপি সি জীয়াই থাকিব লাগিব তৰালী আৰু তাৰ স্মৃতিবোৰ সুঁৱৰি সুঁৱৰি ৷আজি কালি তাৰ খোৱা বোৱাত একেবাৰে ৰুছি নোহোৱা হৈছে ৷ পূৱাতে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে ভাত এগাল বনাই পানীধালি খাই কামলৈ ওলাই যায় ৷ এগাল পানীধালি থৈ যায় ৷ ৰাতি আহি সি তাকে খাই ৷ তৰালী থাকোতে তাক জুতি লগাই বনাই খুৱাইছিল ৷ এতিয়া সি অকলে অকলে কি বনাই খাব ৷ জয়ৰামে খেতিৰ দিনত খেতি কৰে আৰু আজৰি সময়ত সময়ত বাহৰ কাঠি কামি কৰি ডলা,খৰাহি৷, পাচি, মূঢ়া এইবিলাক বনাই নগৰত বেচি বলৈ যায় ৷ তাৰ হাতৰ কামৰ কোনো খুত নাই ৷ইমানেই সুন্দৰ মানুহৰ দেখিলেই কিনিবলৈ মন যায় ৷গাওঁৰ মানুহেও তাৰ পৰাই খৰাহি পাচি কিনি নিয়ে ৷ নিওঁতে কৈ যায় ৷ “জয়ৰাম অ’ তোৰ হাতৰ কামৰ কোনো খুত নাই ৷ তই বৰ সুন্দৰকৈ বনাঅ’ দেই ৷ সি নগৰলৈ এইবিলাক বেছিবলৈ যাওঁতে তেতিয়া তৰালীজনী ঘৰখনত অকলে থাকে ৷ বাটত যাওঁতে তাইলৈ তাৰ চেৰেং চেৰেংকৈ মনত পৰি যাই ৷ তাইও দিনটো এনেই নাথাকি হাতৰ চিলাই কাম কৰি থাকে ৷বাটচাই জয়ৰাম ঘৰলৈ ঘুুৰি অহালৈ ৷দিনবোৰ গৈ থাকে মাহ আৰু বছৰ বিচাৰি ৷ তৰালী আৰু জয়ৰাম জীৱনলৈও পৰিবৰ্তন নামি আহে ৷এদিন জয়ৰামে মন কৰিছিল গহীন তৰালীজনী দেখুন চঞ্চলা হৈ পৰিছে ৷ সি কিবা এটা কলেই খিলখিলাই হাঁহি দিয়ে ৷ তাইৰ হাঁহিত মুকুতা সৰে ৷ জয়ৰামে তাই আঁৰ নোহোৱালৈকে প্ৰাণভৰি চাই থাকে ৷ মনটো তাৰ আনন্দত নাচি উঠে ৷ তাইৰ হাঁহিত তাৰ দুখ ভাগৰ আতৰি পলাই ৷কৰবাৰ পৰা অহা এচাতি চেচা বতাহে তাৰদেহা কোবাই যায় ৷ তাৰ কঠিন দেহটো শাত পৰি যায় ৷ সি বুজি নাপায় তৰালীৰ এই হাঁহিৰ অন্তৰালত কিবা যে লুকাই আছে ৷জয়ৰাম ঘৰৰ পৰা আতৰ হোৱা পাচতেই সেই ডেকামানুহ টো আহি তাৰ ঘৰ সোমাই ৷ তৰালীৰ লগত চুপতি মাৰি থাকে ৷ এদিন জয়ৰাম থাকোতেই বেপাৰীটো কাপোৰ বেছিবলৈ আহিছিল ৷ তৰালীয়ে তাৰ পৰা কিবাকিবি কাপোৰ কিনি লৈছিল ৷ এয়াই সিহঁতৰ চিনাকি সুত্ৰপাত ৷ কিয় জানো জয়ৰামৰ মানুহটোক অকণো ভাল লগা নাছিল ৷ সি বাৰে বাৰে তৰালীৰ চকু আৰু দেহালৈহে চাইছিল ৷ এই কথা সি তৰালীক কৈছিলেও “তৰা এই মানুহটোক মোৰ অকণো ভাল লগা নাই ৷ বেপাৰতকে সি তোলৈহে লুভীয়া চকুৰে চাই আছিল ৷ সি আহিলে তই কিন্ত তাক চল নিদিবি “ ৷ তাৰ কথাত তৰালীয়ে তালৈ ঘোপাকৈ চাই কৈছিল “ তয় যে কি কথাবোৰ কৱ জয় “ ৷তৰালীয়ে মৰমতে তাক জয় বুলি মাতিছিল ৷ জয়ৰামেও তৰালীক তৰা বুলি মাতিছিল ৷মানুহটোৱে মোলৈ চালে বুলিয়েই কিবা বেয়া হলনে ৷ মানুহৰ চকু স্বগলৈ যায় নৰকলৈও যায় বুলি মানুহে কয় “ ৷ “বাৰু বাৰু তৰা সেই মানুহটো আহিলে তই বৰকৈ হলিগলি নকৰিবি ৷অচিনাকি মানুহ কি ঠিক ৷“ দিনবোৰ গৈ থাকে ৷ সময়ে বাগৰ সলাই ৷
তৰালী আৰু সেই বেপাৰী টোৰ চিনাকি লাহে লাহে আপোন হৈ পৰে জয়ৰামে কব নোৱাৰাকৈ ৷ গাওঁৰ দুই এজনে তাক কৈছিলেও “জয়ৰাম আজিকালি তই ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে কৰবাৰ অচিনাকি বেপাৰী এটা দেখুন তোৰ ঘৰত সোমাই থাকে ৷ ঘৈণীয়েৰক অলপ চকু দিবি “ ৷জয়ৰামে এইবোৰ আনৰ কথালৈ কাণ নিদিয়ে ৷ সি মনেমনে ভাৱে তৰালীয়ে তাক কেতিয়াও নঠগে ৷ তাই জয়ৰামৰ লগত জনমে মৰনে গোটেই জীৱন তাৰ দুবাহুৰ মাজত থাকিম বুলি শপত খাই থৈছে ৷ কিন্ত তৰালীয়ে এই শপত ৰাখিব পাৰিলে জানো ৷ বেপাৰীটোৰ চলাহী কথাত ভোল গৈ জয়ৰামৰ সচা মৰম ভালপোবাক নেওচি তাৰ বুকুত কামোৰ মাৰি সেই বেপাৰীটোৰ লগত এদিন তাই পলাই গুচি গল ৷নাৰী কিমান চলনাময়ী এতিয়াহে সি বুজিলে ৷ তথাপি সি তৰালীৰ অহিত চিন্তা নকৰে ৷ তাই যতে আছে সুখৰে থাকক ৷ সি যে তাইক হিয়া উবুৰিয়াই ভাল পাইছিলো ৷ তাৰ গাতেই দোষ ৷গাভৰু মানুহজনী গোটেই দিনটো অকলে এৰি যাব নালাগিছিল ৷ সিহঁতৰ লৰা ছোৱালী এটা থকাহেঁতেন হয়তো তৰালী য়ে এনেকুৱা নকৰিলেহেঁতেন ৷ সন্তান এটাৰ কথা তাই তাক বহুত দিনৰ পৰা কৈ আছিল ৷অকলে অকলে থাকিবলৈ তাই বেয়া পাই ৷তাই সন্তানৰ কথা কলে সি হাঁহি মাৰি উৰাই দি্য়ে ৷ “ৰচোন তৰা আমি অলপ টনকিয়াল হৈ লওঁ ৷ দুপইচা সাচি লওঁ ৷ নহলে বাচাটোৱে কষ্ট পাব “ ৷ জয়ৰামৰ কথা শুনি তৰালীয়ে খঙতে আতৰি গৈছিল ৷ এতিয়া সি নিজকে ঢিক্কাৰ দিয়ে ৷ তৰালীয়ে তাক এৰি যোৱা আজি দুমাহেই হল ৷ এই দুমাহে তাৰ দুবছৰ যেন লাগিছে ৷ দিন যায় ৰাতি আহে ৷ জয়ৰামৰ দিনবোৰ ৰাতিবোৰ নাযায় নুপুৱাই ৷ গোটেই জীৱনটো তৰালীৰ অবিহনে সি কেনেকৈ জীয়াই থাকিব ৷ অজানিতে তাৰ অন্ততৰৰ পৰা হুমুনিয়া এটা ওলাই আহিল ৷ চকুৰ পানীৰে তাৰ দুগাল তিয়াই দিলে ৷ তাৰ এনে লাগিছে কাতি মাহৰ ফৰিং ফুতা জোনাকতো যেন তাৰ ঘৰটো আন্ধাৰে ঘেৰি ধৰিছে ৷ আকাশৰ পৰা পপীয়াতৰা বোৰ তাৰ গাতে যেন হোৰাহোৰে খহি পৰিছে ৷ সি মাথোঁ নিৰ্বাক দৃষ্টিৰে আকাশ খনৰ ফালে চাই ৰল ৷
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment