প্ৰকৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

প্ৰকৃতি



 প্ৰকৃতি


ববী দত্ত

                       


আৰম্ভণি :

আমি মানুহ

সভ্যতা ক্ৰমোন্নতিৰ জীৱন্ত দলিল

প্ৰকৃতিৰ বুকুত খোদিত ক্ৰমবিকাশৰ শৈল খোজ।


বিহংগম সমীক্ষণ আৰু বিৰল মৰ্মস্পৰ্শিতাৰে

আমি খুচৰি খুচৰি চাওঁ প্ৰকৃতিৰ উদাৰ বক্ষ

দেখা পাওঁ 

অপূৰ্ব স্পন্দনশীল শৈল্পিক চিত্ৰ।


সংজ্ঞা :

প্ৰকৃতিৰ তুচ্ছাতিতুচ্ছ ঘটনাবোৰ লিপিবদ্ধ 

আচহুৱা অচিন ঘাঁহনিত

ভিন্নৰঙী মেলা আৰু সুগন্ধিৰ সঁফুৰাৰে সময়ৰ

অনাবিল মিচিকিয়া হাঁহি।


ৰ'দ ,বৰষুণ ,বতাহ ,শিল ,গছ, ফুল-ফল

সেউজীয়াৰ হাঁহি আৰু প্ৰাণীৰ প্ৰাণৰ  স্পন্দনেৰে 

নিবেদিত 

প্ৰকৃতিৰ গভীৰ আশীৰ্বাদ ।


পৰিণতি :

নিষ্ঠুৰ মানুহৰ ধাৰাল হাতত 

সুলভ ধ্বংস যজ্ঞৰ আয়োজন


প্ৰতিশ্ৰুতিবদ্ধ  :

এক কাৰণহীন ভালপোৱাৰে বান্ধি ৰাখোঁ প্ৰকৃতিক নিমজ্জিত প্ৰকৃতিৰ কাৰণ সত্তাৰ অন্বেষণ

আৰু বিশ্ব -সত্তাৰ অস্তিত্ব ৰক্ষার্থে

উপলব্ধিৰ প্ৰয়োজন।


মন্তব্য:

প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক 

কালজয়ী

যুগজয়ী।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages