মোৰ পিতাই আছিল হাড়ে-হিমজুৱে পথাৰৰ প্ৰেমিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

মোৰ পিতাই আছিল হাড়ে-হিমজুৱে পথাৰৰ প্ৰেমিক

 


মোৰ পিতাই আছিল হাড়ে-হিমজুৱে পথাৰৰ প্ৰেমিক


যতীন মিলি 


মোৰ পিতাই আছিল হাড়ে-হিমজুৱে পথাৰৰ প্ৰেমিক

পথাৰ দাপোণত মুখ চাই প্ৰতিনিয়ত বিচাৰিছিল জীৱনৰ সুখ 

দুৰ্ভাগ্যৰ দুভৰিৰে কোনোদিন গচকা নাছিল পঢ়াশালিৰ চোতাল ।


চৌখিনতা অথবা বিলাস যাপন আছিল তেওঁৰ সপোনৰো অগোচৰ

দৈনিক হাজিৰা বহীত দস্তখত নকৰিলে নজ্বলিছিল আখলৰ জুই 

পেটমচাটো বোকোচাত লৈ আয়েও য়ুমৰাঙৰ পৰা আনিছিল 

ঢেকীয়া,  ভেদাইলতা, দোৰোণ শাকৰ বিচিত্ৰ-সম্ভাৰ 

আন্তৰিক বুজাবুজিৰে দুয়োৱে  গোটাইছিল নৈশ আহাৰ 

প্ৰাত্যহিক 


ব'হাগৰ ভৰা নদীখন যেতিয়া পিতাইৰ শাওণীয়া বুকুত শুভ্ৰ চেলেং এখন হৈ জিলিকিছিল 

তেতিয়া আইৰ দুচকুত নামি আহিছিল দোপালপিটা দুখৰ বন্যা 

আইৰ পাঁজিসেৰীয়া হাতেৰে ৰোৱা ৰোৱাবোৰ যেতিয়া পানী মেটেকাৰ তলত জলকেলি কৰি কুম্ভকৰ্ণ নিদ্ৰা মাৰিছিল 

তেতিয়া জহি-খহি-পমি গৈছিল নিৰৱে-নিতালে

আই-পিতাইৰ সোণজগোৱা সপোনবোৰ ।


আইৰ ওঁঠত সকাহৰ এমোকোৰা হাঁহি বিৰিঙাবলৈ পিতাইয়ে মনৰ নৌকা চলাই দূৰলৈ ঠেলি পঠিয়াইছিল পানী-মেটেকাবোৰ বাৰেপতি ।


পিতাই অ'

দুৰ্দিনৰ সেই ক্ষণবোৰত ৰুদ্ধ হৈছিল নেকি তোৰ সেউজীয়া উশাহ

মেঘৰ চপৰা খহি-ভাঙি অতিবৃষ্টি হোৱা আইৰ দুচকুত 

সিদিনা আচম্বিতে নামি আহিছিল নেকি এসাগৰ দুখৰ বন্যা 

নে সৃষ্টিৰ অনিন্দ্য সুখ বিচাৰি   সাত-সাগৰ সিপাৰে বিশ্বাসৰ জোনটি থপিয়াই আনিবলৈ গৈ 

কাহানিও উভতি নহা বাটে গুচি গ'লি 

আইৰ শিৰৰ সেন্দুৰীয়া আকাশ উকা কৰি তই বাৰু সুখেৰে থাকিব পাৰিছনে?


কথাষাৰ আজিও নুবুজা সাঁথৰ হৈ ৰ'ল...।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages