এখন ভাল পোৱাৰ আকাশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

এখন ভাল পোৱাৰ আকাশ

 


এখন ভাল পোৱাৰ আকাশ 


মধুমিতা শৰ্মা

          

সকলোৰে বুকুৰ মাজত আছে এখন আকাশ

এখন ভালপোৱাৰ আকাশ


প্ৰতি মুহুৰ্তত মনটোৱে যত বিচাৰি ফুৰে জোনাক 

কিজানিবা কাৰোবাৰ উপস্থিতিত পূৰ্ণ হয়  আকাশ!


কিজানিবা হঠাতে গুজি দিয়ে

কোনবাই এথুপি তৰাফুল 

প্ৰীতিৰ চিয়াহীৰে লিখি দিয়ে নীলা খামৰ চিঠি!


অপেক্ষাৰ বাটে বাটে শিপাই থাকে 

এটি প্ৰাণৰ সূৰ্য

অপ্ৰকাশিত  শব্দবোৰেৰে

আকাশত কবিতা লিখে নিৰৱতাৰ অথবা

নীলৰঙী এটা অসমাপ্ত সপোনৰ 


সময়ে কেতিয়াবা 

সময়ক সলনি কৰাৰ আশাত ৰৈ থাকে বছৰৰ পিছত বছৰ


এনেদৰেই প্ৰাপ্তি অপ্ৰাপ্তিৰ সোতত ভাঁহি 

সময়ৰ পাখি লগা কাঁড়ত উঠি জীৱনে পায় অন্য এটা পাৰ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages