তোমাৰ প্ৰিয়জন
লক্ষীপ্রসাদ দাস
ঘিলামৰা পাৰঘাট
মই তোমাৰ প্ৰথম প্ৰেম
দ্বিতীয় প্ৰেম হ'ব নিবিচাৰোঁ;
আজীৱন ৰৈ যাব বিচাৰো
তোমাৰ প্ৰিয়জন হৈ ।
বিচ্ছেদৰ কথা পাহৰি যাম
যদি তুমি সহাৰি দিয়া ;
তুমি যেনেকুৱা
তেনেকৈয়ে ভাল পাম মই ।
সলনি হ'ব নালাগে মোৰ বাবে মাথো ।
ভাল পোৱাৰ নামলৈ
মিচা প্ৰতিশ্ৰুতি দিব নালাগে ;
ভাল পোৱাৰ নামত
একো দিব নোৱাৰোঁ,
কিন্তু বিশ্বাস দিব পাৰিম ৷
মই যে তোমাৰেই হৈ ৰম,
আৰু তুমি নজনাকৈ
কামনা কৰিম
প্ৰতিটো দিন যাতে
কুশলে থকা মোৰ প্ৰিয়জন হৈ।
ফোনঃ ৬০০৩৬৭২৭৬২
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment