আলি আয়ে লৃগাঙ
জিতু লইং
গোলাঘাটলৃগাং তই আকৌ আহিলি
ক'তা?
লগতছোন কাকো নানিলি?
আজি কেইবাদিনো হ'ল
কনেংজনীয়ে বাট চাই থকা
তই আহিবি বুলি?
তাইহেনো নাছিব
গমৰাগ ছেৱত,
কৱেৰ লগত মন ফুৰাই
মতলীয়া হৈ৷
কিন্তু !
ঢোলত চাপৰই মাৰিব কোনে?
ঐনিঃতমৰ সুৰত
বাঁহী বজাব কোনে?
ম’হ শিঙৰ পেপাটিছোন আছেই?
অ’
পাহৰিছোহেই
ফাগুনছোন আছেই
আকৌ!
নৈৰ পাৰে পাৰে
আৰু
দূৰৈৰ পথাৰৰ মাজত থকা
ৰঙা আৰু গোলপীয়া
শিমলুৰ ফুলবোৰেও ছোন
মাতি আছে ৰিঙিয়াই
ওঠত ৰং বোলাই
সাজোনে-কাছোনে
ৰিবিগাছেং মেৰিয়াই
তুমি অহাৰ বাতৰি পাই৷
লৃগাঙ ,
তোমাৰ আগমনৰ উমান পায়
পলাশেওছোন নিজান বনত
কিছুদিন গাইয়েই আছে
অকলশৰে
মিঠা সুৰৰ কণ্ঠৰে
“অ’ মোৰ কনেং ঐ
লৃগাঙ আহি পালেহি
গোমৰাগ ছেৱত নাচিবি,
কনেং ঐ
এগে গাচেৰ পিন্ধিবি তই
মিবু গালোক পিন্ধিমে মই৷”
ফোনঃ 9101361398
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment