লেখাৰ অভ্যাস
জাতিৰাম কামান
লেখকৰ লিখাৰ এটা আনন্দ থাকে আৰু লিখাৰ সেই সুখ আহে অনুৰাগী পাঠকৰ প্ৰশংসাৰ পৰা।পঢ়ুৱৈৰ প্ৰশংসা,বিশিষ্ট লেখকৰ চিন্তাগধুৰ লেখনি সমূহৰ পৰা এগৰাকী ন লেখাৰুৱে লেখাৰ প্ৰেৰণা লাভ কৰে।
লিখাৰ অভ্যাস অটুট ৰাখিবলৈ লিখাৰ পৰিৱেশ এটা পাব লাগিব।লেখাৰ বাবে এটা অনুকূল পৰিৱেশ নাথাকিলে লেখা মেলাত জড়তা আহে।লেখা মেলাৰ বাবে অকল পৰিৱেশেই যথেষ্ট নহয়।লেখকৰ বাবে প্ৰয়োজনীয় প্ৰধান গুণটো হল এটা সৃজনশীল মনৰ অধিকাৰী হোৱাটো।সৃজনশীল হোৱাৰ লগতে অনুভৱী হোৱাটো যথেষ্ট প্ৰয়োজনীয়। অনুভৱী তথা কল্পনাপ্ৰৱণ মন এটা নাথাকিলে এগৰাকী প্ৰতিষ্ঠিত লেখক হব নোৱাৰি।
কেৱল সৃষ্টিশীলতাই কিন্তু এগৰাকী প্ৰসিদ্ধ লেখকৰ গুণ হব নোৱাৰে।এগৰাকী লব্ধপ্ৰতিষ্ঠ লেখক হবলৈ হলে তেওঁৰ থাকিব লাগিব ভাষাৰ প্ৰতি দখল,যি ভাষাত তেওঁ লিখে। উপযুক্ত ভাষাজ্ঞান নাথাকিলে শব্দচয়ন ও বাক্যৰ গাঁঠনি পূৰঠ নহয় বাবে লিখা আধা কেচেলুৱা হয়। শব্দৰ প্ৰক্ষেপণ, বাক্য-বিন্যাসৰ নিপুনতাই লেখন শৈলীত সাৱলীলতা আনে আৰু পঢ়ুৱৈৰ বাবে এয়া ৰুচিদায়ক হৈ পৰে।
কেৱল জিজ্ঞাসাৰ খাতিৰত এসোপা নিৰস গদ্য গলাধঃকৰণ কৰা আৰু ৰসোত্তীৰ্ণ চিত্তাকৰ্ষক ৰচনা চৰ্বিত চৰ্বণ কৰাৰ মাজত বহুত পাৰ্থক্য আছে।
মহান লেখকসকলে কিন্তু অকল লেখাৰ তাগিদাত পৰি নিলিখে বা কাৰোবাৰ পৰা অনুপ্ৰাণিত হৈয়ো নিলিখে।মহান লেখকৰ লেখাৰ মুখ্য উদ্দেশ্য হল তেওঁৰ চিন্তাশক্তিৰে উদ্ভৱ হোৱা মহৎ সৃষ্টিৰাজি সমাজৰ বাবে এৰি থৈ যোৱা।মহৎ লেখকসকল কাৰোবাৰ অনুগ্ৰহ প্ৰাৰ্থীও নহয় অথবা পঢ়ুৱৈৰ অনুৰাগ প্ৰয়াসীও নহয়।তেওঁ কেৱল লিখি যায় নিজমনে নিজভাগে।
মহান লেখকসকলৰ মৌলিক সৃষ্টিৰাজি চলিত সমাজ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে পৰৱৰ্তী কাললৈ সমাজৰ বাবে এটা বৃহৎ প্ৰেৰণাস্ৰোত হৈ ৰৈ যায়।
সৃষ্টিশীল লেখকৰ মূল বৈশিষ্ট্যই হল তেওঁৰ অতুলনীয় লেখনশৈলী,তেওঁৰ উৰ্বৰ চিন্তা শক্তি,লগতে সমাজৰ প্ৰতি দায়বদ্ধতা। তেওঁ নিজস্ব শৈলীৰে, উৰ্বৰ মস্তিষ্ককে, দায়বদ্ধতাৰে লিখি যায়;ইয়াত অনুৰাগী পাঠকৰ প্ৰশংসা, অনুষ্ঠানিক প্ৰশস্তিসমূহ গৌণ।
লেখাৰ অভ্যাস গঢ়াৰ নামত যধে মধে লেখা মেলা কৰা কাৰ্য্য,দোষ-দুষ্ট স্বভাৱ।ন লেখাৰু সকল তেনে স্বভাৱৰ প্ৰতি আকৃষ্ট হয়।পৰিণতিত এসোপামান অকালপক্ক লিখকৰ পয়োভৰ হয়, লগতে অপৰিপক্ক পাঠক শ্ৰেনীৰ আবিৰ্ভাৱ ঘটে, যিসকল পাঠকক ভুল বাৰ্তা প্ৰেৰণ কৰে অপৈনত লিখকচামে!
অৱশ্যে স্বভাৱসিদ্ধ পুৰঠ পাঠকসকলক তেনে অপৈনত লিখনিয়ে চুব নোৱাৰে।চকু ফুৰোৱা মাত্ৰেই ধৰা পেলাব পাৰে তেনে উচ্চমানৰ পঢ়ুৱৈচামে।
কিন্তু সমস্যা এটা ইয়াতেই দেখা দিয়ে! এয়া হল লেখক আৰু লেখাৰ মানদণ্ড!লেখাৰ মাপদণ্ড ডাল অংকিত কৰিব কোনে?
সাম্প্ৰতিক কাল সামাজিক মাধ্যম সৰ্বস্ব যুগ।এতিয়া যি দেখিছোঁ উচ্চ মান বিশিষ্ট লেখাতকৈ জনপ্ৰিয়তাৰ দৌৰত শাৰী পতা চেন্টিমেন্টেল [(অসমীয়া প্ৰতিশব্দ?প্ৰতিক্ৰিয়াশীল!)] লিখাবোৰৰ প্ৰতিহে অত্যধিক আকৃষ্ট হোৱা দেখা যায় সৰহভাগ সাধাৰণ পাঠক!
তেনে কথা চিন্তা কৰি আকৌ কিছু কিছু চতুৰ লেখকে সামাজিক ট্ৰেণ্ড(বতাহ!)টো
চাই ঢৌ যি ফালেই বৈ যায় সেইফালেদিয়েই লেখাৰ বিষয়বস্তু চয়ন কৰি কেঁচা পকা মিলাই নিজৰ লেখাবোৰ খিচিৰি কৰি পেলায় জনপ্ৰিয়তা বোটলাৰ লোভত!ঠিক এগৰাকী প্ৰতিষ্ঠিত আৰ্টিষ্টিক অভিনেতাই জনপ্ৰিয়তা বোটলাৰ নামত লঘূ কমাৰ্চিয়েল চিনেমাত অভিনয় কৰাৰ দৰে। কিন্তু তেনে কাৰ্য্যৰ পৰা সমাজৰ একো লাভ নহয়।
আজিৰ দিনত মুষ্টিমেয় প্ৰতিষ্ঠিত লেখক বনাম পাইকাৰী হাৰত গঢ়ি উঠা অপূৰঠ লেখকৰ তুলনা কৰিলে মননশীল পঢ়ুৱৈৰ বিপৰীতে স্থূল চিন্তাৰে পৰিপূৰ্ণ পাঠকৰ পাৰ্থক্য এটা আহি পৰে। এয়া মন কৰিবলগীয়া।
তত্বগধূৰ লেখাৰ পাঠকৰ সংখ্যা তুলনামূলক ভাৱে কম, যিসকল নিজেই একোগৰাকী মননশীল পাঠক।বিপৰীতে লঘূ চেন্টিমেন্টেল লেখনিৰ পাঠকৰ সংখ্যা পাইকাৰী হাৰত বেছি।অৰুচিসন্মত পাঠকৰ সংখ্যা অৱশ্যেই বেছি হয় কাৰণ, মানুহৰ স্বভাৱজাত চৰিত্ৰই হল অৰুচিকৰ বিষয়ত বাক্ বিতণ্ডাত মজি থকা বৈষয়িক স্বভাৱ! ৰুচিসন্মত ব্যঞ্জনতকৈ অৰুচিকৰ খাদ্যবোৰেই সাধাৰণ মানুহক বেছি আকৃষ্ট কৰাৰ দৰে!ঠিক যিদৰে গাখীৰতকৈ মদৰ প্ৰতি মানুহৰ বেছি দুৰ্বলতা থকাৰ দৰে! নিৰামিষতকৈ আমিষ ভোজনৰ প্ৰতি বেছি আসক্ত হোৱাৰ দৰে!
গতিকে লেখক আৰু পঢ়ুৱৈৰ মাজত টনা গ্ৰাফৰ আঁচ ডাল সম্যক ভাৱে নিৰূপন কৰাটো কিছু কঠিন,গ্ৰাফডাল কোন দিশে বেছি হাউলিছে! কাৰণ, মননশীল লেখাৰ পঢ়ুৱৈৰ বিপৰীতে স্থূল লেখনিত আকৃষ্ট পাঠকৰ অনুপাতিক গ্ৰাফডাল বহু বেছি ওপৰতো অৱস্থান কৰিব পাৰে!
তথাপি লেখা মেলা কামতো সাময়িক জনপ্ৰিয়তাৰ তাগিদাত সামৰি সোথৰি ৰাখি থব নোৱাৰি। সস্তীয়া জনপ্ৰিয়তাৰ খাতিৰত সাম্প্ৰতিক সমাজক বিপথে পৰিচালিত কৰি সাময়িক ভাৱে খ্যাতি অৰ্জন কৰিব পাৰিলেও কাললৈ সুখ্যাতি অৰ্জন কৰিব নোৱাৰি। সুখ্যাতি অৰ্জনৰ পূৰ্বচৰ্ত হল সোঁতৰ বিপৰীতে বলিলেও সুস্থিৰ মগজুৰে সুচিন্তিত লেখা যি লেখাৰ দ্বাৰা সামাজিক মূল্যায়ন অৱধাৰিত ভাৱে হৈ থাকে সমাজ উপযোগীকৈ সামাজিক কাঠামো ৱৰ্তী থকালৈকে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment