ভাৱনাৰ বালিমাহী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

ভাৱনাৰ বালিমাহী

 


ভাৱনাৰ বালিমাহী


দীপিকা ফুকন

গোলাঘাট

             

বুকুত গুমগুমাই

পাগলাদিয়াৰ ঢৌ

পাৰৰ মাটি ভঙাৰ শব্দত

থৰকাচুটি হেৰুৱাই

লৱৰি পলাই

ভাৱনাৰ বালিমাহী জাক


আঘোণৰ পথাৰত সাঁতোৰে

বগীতৰা-সোণপাহীৰ লাহি আঙুলি

আগ্ৰহৰ অতিশয্যত

তেজৰঙা দুগালত লাজৰ বোল



মেটমৰা ডাঙৰীৰে ঘৰলৈ ওভতে

ধনাই পাহোৱাল

মাটিৰ উশাহত 

উলাহে নধৰা দুৱৰীৰ

বুকুত গুমগুমাই

পাগলাদিয়াৰ ঢৌ।।


ফোনঃ 9531121318


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages