কথাৰ মিলন….
জোনালী দাস
মনত অচিন ভাবৰ বুৰবুৰণি……
জীৱন - দুখৰ মাজে মাজে শব্দ কথাৰ মিলন…।
এজাক মতলীয়া বতাহ
হঠাৎ আহি কাণে কাণে ক'লেহি আলফুলিয়া মিঠা সুখৰ আৱেশ ……!!
তোমাৰ কথা মাথোঁ এটি অসুন্দৰ অৱয়ৱ মৰম আকলুৱা এখনি অন্তৰ নিঃস্ব হৃদয়ৰ …
অনুভূতিৰে আবেগৰ সীমনাত……।
অপেক্ষা কৰিছিলোঁ নীৰৱে… শব্দ কথাৰ মিলন বোৰক…,,
বুকুত শেষৰ ডুবটো মৰাৰ আগতে …
আঁচলৰ ভাঁজত দেহাটো লুকুৱাই …
বৰ গোপনে … আলফুলে সাবটিব খুজিলোঁ বুকুৰ নীৰৱতাখিনি…।
কথাৰ মিলন কাণে কাণে ক'লোঁ বহুদিনৰে পৰা …
হিয়াৰ উমেৰে সাঁচি ৰখা কথাষাৰ …
লাজতে ৰঙচুৱা হৈ পৰিছিলোঁ…
কিয় তোমাৰ মোৰ কথা বোৰ একেই…
কিহৰ মিলন বাৰু আমাৰ ..??
সময় সলনি কৰি জ্ঞান আঁজুৰি আনিব…
জীৱন যুঁজৰ চাবিকাঠী
সৃষ্টিৰ প্ৰেৰণা কথাৰ মিলন…।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment