অনুসূচীত
গাৰ্গী ভূঞা
যোৰহাটসেই বাটতোৰে গৈ থাকিলে
মোৰ পাছত মই কাকো নেদেখোঁ
অথচ মোৰ আগত গুড়ি পৰুৱাৰ দৰে
মানুহৰ মূৰবোৰ
সূচীৰ শেষত থকা বাবে
মোৰ দুখ নালাগে
বেয়া লাগে তেতিয়া
যেতিয়া মোৰ হাতত কুঁহিয়াৰৰ পাব এটা গুজি
দুপিয়াই দূপিয়াই কোনোয়ে মোক পিছ পেলায়
মোৰ গতিতটো কোনো কেৰুণ নাই
এয়া মনৰো নহয় জিভাৰহে ভাঁজ
অভিব্যক্তি নজনাৰ বাবে মই পিছপৰা
আচলতে নজনাবোৰ আকৌ শিকিবৰ মন যায়
শিকিবৰ মন যায়
কেই চাহ চামুচ চেনীৰে কথাবোৰ মিঠা হয়।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment