সন্ধান
বিশ্বজিত শইকীয়া
কাৰ্বি আংলং
এদিন নিজকে বিচাৰিবলৈ ওলাই যাম
লগ পাওঁ বা নাপাওঁ
পাহাৰ বগাম
পাহাৰৰ শীৰ্ষৰ পৰা
চাই পঠিয়াম তলৰ পৃথিৱীলৈ
গছৰ ফেৰেঙনিত বহি
আমি কথা পাতিম বা নাপাতিম
ফাঁচি কাঠত উলমি থকা
মৰুভূমিৰ কথা
ফাট মেলা আকাশৰ কথা
এদিন অন্য এটা ঘৰলৈ যাম
দর্জা যদি খুলি নিদিয়ে
মূধচ ফালি সোমাম
বতাহ হম
চকুৰ পানীৰ গোন্ধ শুঙি চাম।
কাহানিবা গঙ্গাৰ পাৰত
লগ হম্ বা নহওঁ
পাপ ধোৱাৰ চলেৰে ডুব মাৰি
ক্ৰমাত পাৰলৈ উঠি আহি
বিশুদ্ধতাৰ পোছাক এযোৰ পিন্ধি লম।
কোনোবা এদিন নিজৰ সতে
প্ৰতিযোগিতা কৰিম ব নকৰিম
দৌৰিম,বহু দূৰলৈ বহুত বেগেৰে
সন্ধান বিচাৰি নোপোৱালৈকে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment