এজন হোজা মানুহ
প্ৰাঞ্জল শৰ্মা
(নীলিম কুমাৰ দাদাৰ প্ৰতি কৃতজ্ঞতাৰে)
আপুনি মোৰ বুকুত এৰি থৈ যোৱা
গোট গোট আখৰৰ শাৰীবোৰ
মই লিখিব নোৱাৰিলো
এটা কুঁৱাতকৈয়ো নিঃসঙ্গ বুকুখনত
প্ৰতিধ্বনিত হোৱা এটা শব্দও মই নুবুজিলোঁ
মইতো হোজা মানুহ
কেতিয়াবা দুপৰীয়া লগপালে তৰাবোৰক সোধো
তোমালোকে ৰাতিৰ সপোন দেখানে !
আত্মসমৰ্পনৰ অভিলাস নথকা স্বত্বেও
শুই পৰোঁ মুকলি আকাশৰ তলত
মেঘবোৰ বিশ্বাসী নহয় বুলি জানিও
ৰৈ থাকো বৰষুণৰ বাবে
প্ৰাচীন নগৰ এখনৰ ভগ্নপ্ৰায় দালানৰ দুৱাৰত
বিচাৰি থাকো আপোনাক
আপুনি নাই বুলি জানিও ৷
আপোনাৰ চকুৰ ভ্ৰূ আৰু চুলিৰ মাজেদি যেতিয়া
সন্ধিয়াটো কবিতা হৈ নামি আহে
চৰাইবোৰ আৰু নদীখনে গান গাৱ পাহৰে
সদাব্যস্ত বতাহজাক খন্তেক ৰৈ যায়
উশাহ-হীন হৈ পৰে উপৰমুৱা দেৱদাৰুৰ পাতবোৰ
অথচ
মই একেই থাকো
আপুনি মোৰ বুকুত এৰি থৈ যোৱা
গোট গোট আখৰৰ শাৰীবোৰ
মই লিখিব নোৱাৰিলো
চকুত সাগৰৰ আন্ধাৰ
নাকত আছিল ধানৰ ভৰত দোঁ খাই থকা শীহবোৰৰ পথাৰ পথাৰ গোন্ধ
আৰু কাণত একুৰা জুইৰ চগা পোৰাৰ মাত
থাকিবই দিয়কচোন
মই যে এজন হোজা মানহ
কিয় এনে লাগে মোৰ
যেন আপুনি আছে ওচৰতে
অথচ আপুনি মোৰ বকুত এৰি যোৱা শব্দবোৰ নাই
অথবা
শব্দবোৰ বুকুতে আছে কিন্তু আপুনি নাই
কিয় এনে লাগে মোৰ
যেন কলমটোৰ চিয়াঁহীবোৰ এখন নীলা সাগৰ হ’ল
আৰু মোক বুৰাই পেলাইছে উশাহ ল’ৱ নোৱৰাকৈ
অথবা
কাগজখন এখন পথাৰ হ’ল
আৰু মই তাত ৰুৱ পৰা নাই এজোপাও গছ
সাজিব পৰা নাই এখামোচ মাটিৰ এখন পাহাৰ
বা এচলু পানীৰ এখন নদী
কিয় এনে লাগে মোৰ
অৱশ্যে এনেকুৱা লাগিবও পাৰে দিয়কচোন
মই যে এজন হোজা মানুহ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment