লৰ্কা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

লৰ্কা

 


লৰ্কা 


গায়ত্ৰী দেৱী বৰঠাকুৰ

তেজপুৰ

 

(এক)


কবি আৰু কবিতাক 

হত্যা নকৰে বুলি 

তেওঁৰ  দৃঢ়   বিশ্বাস আছিল 

পৰ্বতৰ  দৰে 


অলৰ


পিছে সেই পৰ্বতকো  

চোঁচোৰাই

অনা হৈছিল 

বধ্যভূমিলৈ


(দুই)


ফটিক প্ৰপাতটোত  

মানুহ, নাটক আৰু কবিতাই গুঠিছিল   

মায়াৰ অদৃশ্য  জাল 


আৰু সেই অপৰাধেই  (?)

দেওবাৰ এটিক  তেজেৰে লুতুৰিপুতুৰি   কৰি 

শুৱাই থৈছিল

মৃত্যুৰ চিৰন্তন কোলাত 


(তিনি)


 হায় গৃহযুদ্ধ !


হায় স্পেইন!


 হায় মানৱতা!


 আৰু কিনো  হেৰুৱাই ঢুকিবা  চকুৰ পানী ??



(চাৰি)


জৰাগ্ৰস্ত  গ্ৰাণাডাৰ 

জলফাইৰঙী মৌণতাৰ   

আশে-পাশে তেওঁ 

আজিও ফুলি আছে 


 অজো নিত্য শাশ্বত

 উশাহৰ সুবাস 


গুলিৰে  থকা -সৰকা 

তেওঁৰ হৃদয়খন  এতিয়া  

দেশ-কালহীন পৃথিৱীত

ভালপোৱাৰ অদাহ্য-অশোচ্য  কন্ঠত 

অবিনাশী  



(পাঁচ)


নিজৰ গাৰ সিৰ ফালি

তেওঁ  সেউজীয়াবোৰ নিক্ষেপ   কৰিছিল 

সূৰ্যত

বসন্তত

গৰখীয়া  টোপনিৰ অঘৰীবোৰত 

প্ৰেমত 

যৌৱনত 

নাৰী সৌন্দৰ্যত 

শস্যৰ বীজত 

সপোনৰ জিপচী বেলাডত

আৰু মৃত্যুয়ে সামৰি  থকা জীৱন-সংগীতত



(ছয়)


দোকমোকালিতে তেওঁৰ মুখামুখি  হৈছিল মৃত্যুৰে 


গাহৰি  আৰু ভেড়া পোৱালিৰ  কাহিনীটো 

মাথো  এটা ৰূপকহে আছিলে 



(সাত)


চহা  প্ৰাণত  মাতৃভূমিৰ  

টৌ তোলা গীতবোৰ 

যেন পাহাৰী  কোনো প্ৰাচীন  নিজৰা 


ৰ'দে-বৰষুণে  হৃদয় জুৰোৱা  স্বৰলিপিৰ 

প্ৰস্তাৱ  সুৰীয়া 


এমুঠিয়া ভেলত  

বল্কলবসনা  পৃথিৱী

কেঁচা মাটিৰ 

শস্য-শ্যামল পূৰঠ  কাহিনী  


নৈ,নিজৰা আৰু গাথাই লিখা মুখৰ  কবিতাৰ  

সেউজীয়া এমুঠি......


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages