মাটিআখৰা
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
কোনেও সদৰি নকৰিলেও
আমি জানো
সময়তকৈ সোনকালে পূৰঠ হৈ
পাঠ আওৰাইছা
আৰু বুজি উঠিছা
নিজৰ গোলকত
আত্মসন্মানৰ মানচিত্ৰ ৷
বিদ্যালয়ৰ বেৰবোৰত খোপনি পোতাৰ পাছতো
শুকান টোপনিত সাৰে আছে বৰ্ণমালা
অসহায়ৰ জুইৰে পুৰি আছে
তোমাৰ থৰক-বৰক খোজ
আৰু আমি চাই আছোঁ
এখন নিৰ্বাক নাটক ৷
কেৱল ভোকেই মৃত্যুৰ কাৰক নহয়
হ'ব পাৰে কাৰোবাৰ ভোগ
কিম্বা অৱহেলা ৷
কলা ব'ৰ্ডত চক পেঞ্চিলেৰে আঁকিছা
বিকল মানুহৰ মগজ
আমি বুজিও একো কৰিব নোৱাৰোঁ ৷
হেৰাই যোৱা বনৰীয়া পখীৰ গান এটাৰ দৰে
পৰিসীমাৰ বাহিৰলৈ গৈ আছা---
ধৰি ৰাখিম কেনেকৈ
আমাৰযে হাতেই নাই ৷
স্বাভিমানে প্ৰাৰ্থনা এটা হৈ বিদায়ৰ বাট বুলিছে
তথাপি
কঙাল-ককালৰ টঙালি খহি
চিতহৈ পৰেগৈ কেৱল
মাটিমুখত ভৰি ৷
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment