প্ৰেমৰ বিশেষ দিন!
লহৰজ্যোতি মৰাণ
আকাশ নীলা- সাগৰ নীলা
ভালপোৱা মোৰ সঁচা গভীৰতা
তুমি আকাশী তৰা ,
তুমি তিৰবিৰাই জিলিকিবা
মই পোহৰ বিলাম।
তাতে সাজিম এটি প্ৰেমৰ ঘৰ!
ভাল লাগে মোৰ,
তোমাৰ কথা ভাবি
তুমি চাগে মোৰ কথা
মনত পেলাবৰ নোপোৱা আহৰি !
তথাপিওঁ হেঁপাহৰ সপোনবোৰ ৰচিছো
তোমাৰ নামত!
উপহাৰ দিয়াৰ কথা আছে;
প্ৰেমৰ এই বিশেষ দিনত !
তোমাৰ হৰিণী চকুযুৰি
ভাল লাগে ওঁঠৰ পাৰি।
তোমাৰ চুলিখোপা
সোণৰ চেকুৰা গোন্ধ
কেঁচা কেঁচা পানী।
বুকুৰ মাজত হিয়া
উজাৰি দিম;
কেঁচা কোমল অন্তৰ ভৰি!!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment