চাইৰেণ
অনুভৱ প্ৰিয়ম মিৰি
ৰ'দ-বৰষুণ,ধুমুহাৰ হিল-দল ভাঙি
দিন-ৰাতি,প্ৰকোপ শীতক নেওচি
যুদ্ধ ভূমিৰ পৰা
সৈনিক সকল উভতি অহা নাই
উভতি অহাৰ কথা নাই
দেশ ৰক্ষাৰ পণ আছে
আকৌ চাইৰেণ বাজিছে
নিৰাপত্তাৰ ঠাই বিচাৰি
প্ৰাণৰ মমতাত সাধাৰণ জনতা দৌৰিছে
যুদ্ধপ্রিয় নেতাবোৰ যুদ্ধ বন্ধ কৰা নাই
নিৰ্দেশ দিয়ে আছে
বন্ধুকৰ গুলি ফুটাবলৈ
বোমা পেলাবলৈ
বোমা-বাৰুদত সাধাৰণ জনতাৰ মৃত্যু হ'লে
তেওঁলোক গৌৰৱৰ পোছাক পিন্ধে
শিশুৰ মৃত্য হ'লে
জীৱনৰ প্রিয় গানবোৰ গুণগুণাই
তেওঁলোক ক্ষমতাৰ নিচাত মাতাল হৈ
বোমা-বাৰুদেৰে মৃত্যুৰ উৎসৱ উদযাপন কৰে
বিভীষিকাময় কৰি তোলে সুসময়বোৰ
মানৱতাক দলিয়াই
তেওঁলোক অমানৱতাৰ জয় গান গাই
শান্তিৰ শলিতা নুমাই
অশান্তিৰ শলিতা জ্বলাই
তেওঁলোকৰ নিৰ্দেশত অসমাপ্ত যুদ্ধ
সমুখ-সমৰত শ্বহীদ সৈনিক
মৃত্যু নিৰপৰাধী সাধাৰণ জনতা
আকৌ চাইৰেণ বাজিছে
আকাশ-পৃথিৱীৰ চৌপাশে বিয়পি পৰিছে
বোমা-বাৰুদ বিস্ফোৰণৰ ক'লাধোঁৱা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment