কোন সেই নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

কোন সেই নাৰী

 


কোন সেই নাৰী 


দেৱজিৎ কোঁৱৰ

শিৱসাগৰ


কোলাত এখনি নিৰ্মল হিয়া,

সেই যে চিকুণ আঙুলি বোলোৱা।

মৰমৰ তেজাল আকুলতা

কত যে অক্ষয় সৃষ্টিৰ সঁফুৰা।


কোন সেই নাৰী ?

মইনো দিওঁ কি ?

মই পাওঁ আইৰ সেই স্নেহসনা মুখখনি।


ফুঁ মাৰিখেদোৱা অসঞ্জাত ৰাতি

উশাহত  উজনি-ভাটি,

মনৰ মাজত নিবিষ্ট লক্ষ্য বান্ধি

চেতনাৰ সুবিন্যস্ত এমোকোৰা হাঁহি।


কোন সেই নাৰী ?

মইনো দিওঁ কি ?

মই পাওঁ বিচাৰি

প্ৰাণত এসোঁতা প্ৰাণৰ পানী।


যতনাই লোৱা,

তোমাৰেই স্নেহত

স্নেহেভৰা কলিজাৰ ৰক্তৰঙা

চিৰ প্ৰবাহিত অতুল ছায়া।।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages