হয়তো মই নোৱাৰিলোঁ
জয় দলে
হয়তো মই নোৱাৰিলোঁ
শিলৰ দৰে কঠোৰ হবলৈ ,
হয়তো মই নোৱাৰিলোঁ
সাগৰৰ ঢৌৰ দৰে হবলৈ,
সেইবাবেইটো আজি
এই অৱস্থা মোৰ ।
জীৱনৰ অৰ্থ নুবুজা অৱস্থাতে
কৰ্ম জীৱনৰ পাতনি মেলিছিলোঁ
ভৱিষ্যত কাৰো হাত নাপাতো বুলি
সেই আশাও চোন কলিতে মৰহি গ'ল ।
ধন-সম্পত্তি ,বেংক-বেলেঞ্চ
সকলো গোট খাইছিল
তথাপি জানো ৰাখিব পাৰিলোঁ
সযতনে সামৰি ।
যিদিনাই তুমি আঁতৰি গলা
এই পৃথিৱীৰ মায়া-মোহ এৰি
সকলো ছাৰ-খাৰ হৈ গ'ল
সলনি হ'ল জীৱনৰ গতি বিধি ।
আজি মোৰ কাষত কোনো নাই
ঘৰ,গাড়ী,মটৰ চাইকেল
মাথোঁ আছে স্মৃতি আৰু
কেইবালাখ টকাৰ ঋণ ।
হয়তো মই নোৱাৰিলোঁ
সৰু দা হতৰ দৰে হবলৈ
তুমিয়েই শিকাইছিলা দাদা
জীৱনৰ হতে যুদ্ধ কৰিবলৈ
অৱশেষত মই হাৰি গলো
অ দাদা।
তোমাৰ মৃত্যুৰ পাছত আমাৰ
ঠন ধৰা ঘৰখন অচিন ধুমুহাই
থান বান কৰি নিলে অ।
হয়তো নোৱাৰিলোঁ আনৰদৰে
চকুৰে দেখিও নেদেখাৰ ভাও জুৰিবলৈ
সেয়েহে আজি মই এটা
বৃহৎ শূণ্য।
হয়তো মই নোৱাৰিলোঁ
আনৰ দৰে চকুমুদা
কুলিৰ ভাও জুৰিবলৈ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment