অলীক স্মৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

অলীক স্মৃতি



 অলীক স্মৃতি


ছাহানাৰা হাজৰিকা

উলুবাৰী, গুৱাহাটী


কল্পনা পিয়াশী মন মোৰ 

উৰি উৰি যায়,

মনলৈ আহিলে সুমধুৰ স্মৃতি ৷


হৃদয়ত শীতল সমীৰণ বয়,

কল্পনাত  পাও প্ৰিয় জনৰ 

এসাগৰ মৰম ৷


বাস্তৱত যে সেয়া 

দ্বিবা স্বপ্ন হৈ ৰয়।

কল্পনাৰ মৰম বোৰ সাঁচি ৰাখো মোৰ হৃদয়ৰ 

বিশাল ভাগীৰথীত ৷


কব খুজিও কব নোৱাৰা

অনেক কথাই হৃদয়,

কৰে মোৰ ভৰ

আন্ধাৰে আৱৰা বাটত

আশা বোৰ ভংগ হয়।


তথাপিও স্তব্ধ নহয় 

মোৰ কল্পনাৰ পৃথিৱী,

দুৰ্বল শৰীৰত শক্তিশালী 

মনে মোৰ পুনৰ কল্পনাত 

বিভোৰ হয়।


কল্পনা বোৰ ৰৈ যায়

মনৰ মাজত,

কেৱল কল্পনা হয়।।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages