মৰীচিকাৰ চাকনৈয়া
হিমাংশু কলিতা
গোলাঘাট
মৰীচিকাৰ চাকনৈয়াত
সমাধি ভাষাত লিখা
জীৱনৰ শেষ গানত
অপৰাহ্ণ বেলিকাত
যৱনিকা পৰিল
লুকা ভাকু খেলা ।
আশাবোৰ ঢুকাল
সেই ঢেও দি থকা
ৰহস্যময়ী ঘৰচিৰিকাবোৰৰ
কাষৰ বেতনিজোপাৰ পিতনিটোত ।
অট্টহাস্য কৰি লাভ নাই
কন্দাৰ ইতিহাস
কেতিয়াবাই বুৰঞ্জী বুৰিল ।
আকৌ কয়
মোৰ গাটো লাচিতৰ তেজ ।
মনত নাইনে
তেতিয়া সিচঁৰিত হৈছিল
ধুসৰিত পৃষ্ঠাত ।
তেজৰ ডোঙাৰ মাজত
মাথো মা মা মাতিছিলি ।।
আজি কি আকৌ
সেই অভিশপ্ত অতীতৰ
অহল্যা নেকি !
নে মৃত্যু আজি
মানৱৰ চৰম
প্ৰতাৰণাৰ দুৰ খুটি।
ফোনঃ 8486974274
No comments:
Post a Comment