মা
লাৱণ্য নাথ
বঙাইগাঁও
শূন্যতাৰ মাজত ৰৈয়ে সাঁতুৰিছোঁ
গোলাপৰ সুগন্ধিৰে
জনাইছোঁ আমাৰ ভালপোৱাৰ আত্মীকতা...
গম্বুজ হৈয়ে থাকিবা চিৰদিন
প্ৰতি সময় প্ৰতি পুৱা
মনৰ গোপন কোণত...
তোমাক উটুৱাই নিয়াৰ আগেয়ে
খোপনি পুতিবা
বুৰঞ্জীত লিখিবা
ব্যৰ্থতাৰ অপ্ৰকাশিত কাহিনী ...
বুকুৰ মৰমেৰে
আকলুৱা চেনেহেৰে
চিৰদিন জীয়াই ৰাখিব খোজোঁ তোমাক...
হয়তো ত্যাগৰ দেৱতা হৈ
মাতৃৰ প্ৰীতিৰ হেতু
অন্য এক ইতিহাস হ'ব...
মা তুমি কুশলে থাকিবা
কুশলে থাকিবা
পৃথিৱীত শান্তিৰ ছবি হৈ...
No comments:
Post a Comment