এন্ধাৰ
প্ৰিয়দৰ্শিনী কাশ্যপ
বেহাৰবাৰী, কামৰূপ
মই প্ৰিয়মে কৈছোঁ
শুনা তুমি মচিব নিদিয়া চকুপানীবোৰ
কিমান আত্মীয় ৰাতিৰ সৈতে
বিষন্ন ৰাগ এটাৰ দৰেই বাগৰি আহে দুধাৰে
চকুপানী শুকুৱাই থ'ব পৰাকৈ কথা পাতো আহা
চোৱা কুঁৱলী পিন্ধি বাটটোৱে
নেদেখা হৈছে নিজকে
তুমিও -------
চোৱাচোন পৃথিৱী আৰু আকাশলৈ
দুয়ো দুয়োলৈ চাই আছে কেৱল চায়েই আছে
অথচ-----
ৰৈ যাওঁ এইখিনিতেই
কেঁকুৰিটো পাৰ হ'লেই ফৰিংফুটা জোনাক
নেদেখা হৈ যাম নেকি তোমাক
ৰৈ যাব খোজো এইখিনিতেই
মই প্ৰিয়মে কৈছোঁ
বিষ এটা উজাই আহিছে
চোৱা আঙুলিবোৰে এন্ধাৰ পিন্ধি
মিছাকে হাঁহিছা তুমি
কথা পাতাচোন বিষবোৰৰ সৈতে
খুচৰি খুচৰি মোক কৰি তোলা বিমৰ্ষ
টুকুৰা টুকুৰ কৰি পেলোৱাছোন হাঁহিটো
বহুদিন শোৱা নাই
এন্ধাৰত একো মনিব পৰা নাই চকুযোৰে
মেলিলেও এন্ধাৰ / মুদিলেও এন্ধাৰ
বহুদিন শুব পৰা নাই
বুকুৰ উচ্-পিচনিত কেৰ্মেৰাই উঠে বিছনাখনে
এইমাত্ৰ যেন তুমি ফুচ্--ফুচাই কৈ গ'লা
প্ৰিয়ম ভালপাওঁ তোমাক
উচপ্ খাই উঠি খেপিয়াই ফুৰো মোক
কি এক ভ্ৰম
ৰৈ যাঁও নেকি এইখিনিতেই
হাত মেলিলে চুব পাৰি এন্ধাৰ
মই প্ৰিয়মে কৈছো
এন্ধাৰতকৈ কোনো বিশ্বাসী নাই
য'ত মোৰ ছাঁটোকো লুকুৱাই থ'ব পাৰোঁ ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment