ন-প্ৰভাত
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
নতুন প্ৰভাতৰ নতুন গান
আঁচলেৰে মচি লোৱা চকুৰ পানী
নতুন বছৰৰ ন সূৰুয
নতুনে আনিছে আশাৰ এটি কিৰণ
এইবাৰ আকৌ
নতুনে আনিছে নতুন আশা
নতুনে আনিছে নতুন সপোন
নতুনে আনিছে নতুন খবৰ
নতুনে আনিছে নতুন সুৰভি
জীয়াই থকাৰ...
উশাহ লোৱাৰ...
নতুনক স্বাগতম জনাইছোঁ
হৃদয়ৰ পৰা
নতুনক আদৰি লৈছোঁ আন্তৰিকতাৰে
মোৰ বাবে এই নতুন
সদায় নতুন হৈয়ে থাকক
বিগত বৰ্ষৰ কেলেণ্ডাৰখনৰ নিচিনাকৈ
এই নতুন অভিশাপ নহৈ
এই নতুন হৈ আহক
এপাহি ৰজনীগন্ধা হৈ
হিয়াৰ মাজলৈ...
নতুন বছৰৰ নতুন পুৱা
ন-সাজেৰে আহক ন-চোতালত
এজনী ৰাংঢালী নাচনী হৈ
নৱবৰ্ষ নতুন সুগন্ধি হৈ আহক
আমাৰ বুকুলৈ
নৱ উল্লাসৰ এপাহি গোলাপ হৈ
উদযাপনৰ এটি মধুৰ স্মৃতি হৈ
নৱবৰ্ষ ন-ৰঙেৰে হিয়াৰ মাজলৈ
সোমাই আহক
সৰগৰ পাৰিজাত হৈ
নৱবৰ্ষ আহক আলিবাটেদি
সমন্বয়ৰ বাৰ্তা লৈ
নৱবৰ্ষ আহক আমাৰ গাওঁখনিলৈ
সেউজৰ এটি কলি হৈ
নৱবৰ্ষ আহক প্ৰেমৰ এটি কবিতা হৈ
জীৱন আৰু যৌৱনৰ এটি আবেগ হৈ
নতুন বছৰৰ নতুন চিন্তাবোৰ
নতুন বছৰৰ নতুন কথাবোৰ
কাইলৈ নতুনকৈ তোমাৰ লগত পাতিম ৷
ফোনঃ 97431204571
No comments:
Post a Comment