ফাগুণৰ এটি নিয়ৰ সনা প্ৰভাতত
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
নিয়ৰৰ টোপালত কাঁচিয়লিৰ জিলিঙনি
উৰি আহে এটি আকাশী চিলনী
ওঠত লৈ এটি নিৰৱধি
শিমলু ৰঙা তেজীমলা হাঁহি
চুই চাওঁ চুই চাওঁ দেহী !
দো খাই থকা কুমলীয়া ফুল পাহি
ঠাণ্ডা মলয়াত ভাঁহি অহা এটা বসন্ত
তুলিকাৰ বুলনিত ফুটি উঠা বিচিত্ৰ ৰং
চুই চাম চুই চাম যেন দিগন্ত
হিমশীতল তৰংগেৰে ফাগুনী আবেগেৰে
ৰিব-ৰিব মলয়াত হালি-জালি
আকাশত চঁটিয়াই দিয়া ৰামধেনুৰ ৰং
প্ৰভাতী পোহৰে জিলিকাই
তোলা নিয়ৰৰ টোপাল টোপালি খাই
কুঁৱলীৰ ওৰণি ঠেলি
প্ৰেমিকৰ মাদকতা
প্ৰেমিকাৰ ওঠৰ মদাৰ গছত বহি
চৰাই হালে কবিতা লিখে
আকৌ আহ ঐ বসন্ত
শুকান সৰা পাতত সেউজীয়া
কবিতা লিখা বৰ কষ্ট...
অ' আকাশ ! কেনেকৈ বুজাও তোমাক
গছ হোৱা বাবেইটো
মৰুভূমিত কেকটাছ জনপ্ৰিয়…!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment