তুমি যেন
ৰূপম মিলি
তুমি যেন ফাগুনৰ
এচাটি বাউলী পছোৱা,
তুমিয়েই উৎস মোৰ
শিমলু-মদাৰ-পলশী সপোনৰ।
যৌৱন ৰঞ্জিত ত্বৰিৎ ৰক্ত
প্ৰৱাহেৰে
উত্তপ্ত-উদ্মাদিত-আলোড়িত প্ৰাণ
শীতল কৰিম তোমাৰ পৰশেৰে।
তুমি যেন শৰৎ নিশাৰ
পূৰ্ণিমাৰ জোন
কিযে ময়াময় তোমাৰ আভা!
গভীৰ অন্ধকাৰাচ্ছন্ন মোৰ
হৃদয় পঁজাটিৰ ছাল-বেৰ গুচাই
আন্ধাৰ বিনাশী উজলাই তুলিম
তোমাৰ স্নিগ্ধ কিৰণেৰে।
তুমি যেন বৰষাৰ দুয়োপাৰ উপচা
এখনি বিশাল প্ৰৱাহমান নদী
তোমাৰ ছন্দিত লাস্যময়ী ৰূপ দেখি
বাৰে বাৰে নিজকে পাহৰো,
এনে লাগে যেন --
ব'ঠা বিহীন তুলুঙা নাও মেলি
উটি-ভাঁহি যাম
তোমাৰ অনন্ত ঢৌৱে-সোঁতে
এক অজান সাগৰলৈ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment