ফাগুন তুমি বৰ দুষ্ট
লহৰজ্যোতি মৰাণ
ফাগুন নামিছে
মদাৰ ফুলিছে
তোমাৰ প্ৰতি মৰম-অভিমান
মোৰ দূগুন বাঢ়িছে।
তুমি মোৰ হ'বাহি
কেতিয়া আহিবা,
জীৱন সংগী হৈ,
বিচাৰো সদায় কাষত থাকা।
তুমি কাষত থকা হ'লে
আজি প্ৰতিপল মধুৰ পুৱা
কটালো হেতেন।
জীৱনৰ প্ৰিয়তম সংগী কৰি
ৰচিম দুয়ো এটি প্ৰেমৰ কবিতা!
থাকিব তাত;
মদাৰ কলি, ফাগুনৰ উন্মনা
যৌৱন ভৰি, কিনকিনিয়া বৰষুণৰ টোপাল,
হঠাৎ পচোৱা বতাহ জাকে আহি
আমাক কৰিব আমনি।
হেৰাই যাম আমি অন্য পৃথিবীত
কাল্পনিক হ'ব আমাৰ কবিতা,
ৰহস্য! মাথো ৰহস্য!
ফাগুন তুমি বৰ দুষ্ট।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment