বিচ্ছিন্নতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

বিচ্ছিন্নতা



 বিচ্ছিন্নতা

বিপ্লৱ ডেকা


ধৰ্মৰ নামত আগ্ৰাসন চলিছে

প্ৰেমৰ নামত বাঢ়িছে প্ৰলোভন

স্বাধীনতাৰ স্বপ্নত স্বদেশীৰ গুপ্তবাস

বিদেশীৰ হে হয় মুক্ত বিচৰণ,


এইখনেই সেই ৰম্যভূমি

জেহাদত শঙ্কিত অসম

আজান প্ৰীতিত হেৰাব খোজে

ক্ৰমশঃ

শংকৰ-মাধৱৰ মিলন,


চিলাৰাই-চ্যুকাফাকো পাহৰিলে পণ্ডিতে

বাঘ হাজৰিকাৰ লগতেই সকলো ব্যস্ত

ভুৱা বুদ্ধিজীৱীৰ টনা-আঁজোৰাত

সাংবাদিকৰো ভচহুৱা বিতৰ্ক,


পিচে ইতিহাসে নাজানে!

কোন মোগলক পৰাজয় কৰি

বাঘ হৈছিল লাচিতৰ সমকক্ষ,


কিহৰ বাবে এইবোৰ

সমন্বয়ৰ নে বিভাজনৰ ?


কটা-মৰাবোৰ দেখিলে সমন্বয় যেন নালাগে

বিভাজনত হে পৰিণত হয় দেশ আৰু ভাষা

প্ৰতিদিনে বাঢ়ে সন্ত্ৰাস আৰু বিচ্ছিন্নতা


মৰে গৈ নিৰ্দোষী প্ৰজা।


কবিৰ প্ৰাণৰ সংশয় বাঢ়ে

সাধু লোকৰ বাঢ়ে নিৰৱতা,


আল্লাহৰ নাম ল'লে ধাৰ্মিক হোৱা

একেখন নিৰপেক্ষ দেশতে

জয় শ্ৰীৰাম কোৱাবোৰ হৈ পৰে


……মাথোঁ সাম্প্ৰদায়িকতা।


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages