ৰিব ৰিব বতাহত ঐনিতমৰ সুৰভাঁহে
চন্দ্ৰপ্ৰভা বৰ্মন
ঐনিতমৰ আলি-আই-লৃগাং
কঁপাই নামিল বুকুত বাগুৰুম্বা
হালধীয়া সৰিয়হৰ বুকুফালি
উৰি আহিল এটা চিনাকি সুহুৰি
বুকুত আলি-আয়েঃ-লৃগাঙৰ
ডুগ-ডুগ গুমৰাঙৰ গুমগুমনি
ফাগুনৰ বাহি ফোট যেন বেলিয়ে
মিচিকিয়াই ধুলিৰ ওৰনি আতৰাই
অনুৰ্ব্বৰ ঋতুত প্ৰাচুৰ্য্যৰ ঋতু
আঙুলিৰ ফাকত ফাগুনৰ লুকা-ভাকু
কুঁহিপাত বোৰ যেতিয়া ফুটি ওলাই
কুকুৰাৰ ডাকত ৰাতিপুৱাই
ৰিব-ৰিব বতাহত ঐনিতম ভাঁহে য'ত
বতাহৰ সুহুৰিত নাচি থাকে
পাহাৰৰ গছ- পাত
মনৰ অৰন্যত পলাশৰ লয়-লাস
এগে্ চেক্ ৰেগে শুৱনি
জাঁকৰুৱা গাভৰু
টুকুৰা-টুকুৰ হাঁহি
মিছিকীয়া হাঁহিৰ
লাজকুৰীয়া চাৱনি
কাংকাণ কায়ুম হঁতৰ
মৰম লগা ধুনীয়া মুখনি
য়ামে সকলৰ গনৰুক শুৱন
হাতৰ চাপৰত ডুমডুমৰ ঢোলন
শাৰী শাৰী চাংঘৰ
পকা আপংৰ নিচাত
ঘূঁনাসূতিৰ পাৰত বহি
কনেংঙক মনত পেলাই
বিষাদ ভৰা নিনাদৰ ঐনিতম
আপংৰ ৰাগীত আধাফুটা
বাহীৰ মাতত কঁপে হৃদয়
( আচ্ছে জিলি জিলিক'
মিকছি জিলি জিলিক'
আচ্ছে জিলি পিনয়েপে
মিকছি জিলি পিনপেমাঙ )
(পানীৰ জিলিও জিলি,চকুপানীৰ জিলিও জিলি
নদীৰ পানী শুকাব, কিন্ত্ত চকুৰ পানী নুশুকাব)
চকু পানীৰ ববচা বনত
পৰি ৰ'ব জীৱন
কনেঙৰ ৰিবি গাচেঙত
ৰঙাকৈ আবেলিৰ ৰং লাগিব
কনেঙৰ হৃদয়ৰ বিশালতাত
মিবু-গালেক চোলাটি হেৰাই যাব
ৰান্ধনি বেলিটি লাজত ৰঙা পৰিব
ঘূনাসূঁতিৰ পাৰত নাওঁখনে খুন্দিয়াব
সপোনবোৰে চিলমিলকৈ সাৰ পাব
ৰিঃবিঃ গাছেংত নাচিব আধৰুৱা সপোন
বুকুৰ নিজান কোনত বাজি থাকিব
এটি মিঠা সুৰৰ লহৰ ঐনিতম ঐনিতম !!
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment