কি নাম দিম অনুভৱবোৰৰ...
প্ৰাঞ্জল শৰ্মা
তোমাক মই কিবা এটা দিম
এজোপা বনৰীয়া গছ
যাৰ পাতবোৰ ডাঠ সেউজীয়া
এটা ধনেশ পখী
যাৰ ঠোঁটটো কঠিন হালধীয়া
অথচ ধুনীয়া
বা এটা সৰু পুতলা
যাৰ থাকে দুখৰ দুখন হাত
অথবা তোমাক এটা সাধু শুনাম
য’ত যুদ্ধৰ শেষত ৰজাজন মৰে
আটাইবোৰ তুমি পাহৰি
মোহাৰি পেলাবা
খহাই থ’বা মনৰ পৰা
এখন বিষণ্ণ হাতৰ জুনুকাৰ দৰে
যিহেতু মই তোমাক দিয়া প্ৰতিটো বস্তুতেই
মোৰ আত্মা নিহিত থাকিব
তাক খুৱাই দিবা এবাতি ভাল মদ
শুই থাকিব সি
তুমি দিয়া আঘাতবোৰ গম নোপোৱাকৈ
টোপনিত হয়তো সপোন দেখিব কাৰাগাৰৰ
অথবা
এখন মুকলি পথাৰৰ
আৰু তালৈ
পলাব খোজা চৰাইবোৰ উভতি আহিব
এটা গান গাব মোৰ আত্মাৰ বাবে
যিটো তুমি বা মই নুবুজিম
মোৰ বুকুত যে এডাল লংগৰ পেলোৱা আছে
উভালিব নোৱৰাকৈ
সেয়া কিন্তু কাকো নক’বা
কাৰণ তুমি নদী নহয়
যোৱাৰাতি কুৱলি সৰিছিল
মই তিতিব নোৱাৰিলোঁ
মোৰ বুকুত জ্বৰ
ৰাতিপুৱা মেঘে ঢকা আকাশ দেখিলোঁ
তুমি এতিয়াও ৰ’দক লৈ গৌৰৱ কৰানে
কেনে আছা তুমি
ক’ত আছা
ভালপোৱাই বুকুত ভৰ কৰা সময়ত তুমি ব্যস্ত আছিলা
ভালে থাকা
মই আজিও ব্যস্ত নহয়
তুমিবিহনে
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment