লাই হালে জালে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

লাই হালে জালে

 


লাই হালে জালে

ৰিপুঞ্জয় বৰুৱা ঋমন


অয়'ৰ এশ দুই নম্বৰ ৰুমত

ষোল্লই তেইশক কৈছে 

য়া য়া ইউ আৰ ফা-কিং চ' গুড য়া ।


চুপ চুপ, চুপ থাক 

শুনি পাব ।

শুনিব লাগিলে লিঙ্গ কাটিব  


হাঃ হাঃ হাঃ 

আবে' কি নোহোৱা কথাটো কলো

কিমানৰ কাটিব, কেইদিন কাটিব 


লেংটিৰ ৰং বিকিনিৰ ৰং 

ৰঙক লৈ দেশ গৰম


ৰাম-দেৱৰ গ্ৰহণী

বিলাসী পতন-জলি 


চুপাই আছে চুপি আছোঁ

দিনে তিনিবাৰ 

খালি উদৰত এবাৰ 

খাদ্য খোৱাৰ পাছত দুবাৰ

কি কাৰবাৰ 

চলিবলৈ পা-পইছা দৰকাৰ 

ঠগাবলৈ চৰ-কাৰ (গাল আমাৰ)


খানাপাৰাত গণৰাজ্য দিৱসৰ ভাষণ শুনিছিলোঁ 

মাত্ৰ দুই মিনিট, বৰ তেলেতীয়া ।


ভাষণত ভাৰতবৰ্ষ 

স্তন আছে নাই মাতৃদুগ্ধ

আমাৰ পায়ুত অৰ্শ কৌষ্ঠকাঠিন্য 


চাল্লা

এভৰীথিং ইজ মেনেজেবুল হীয়েৰ 

মাত এষাৰ মিঠাকৈ দি এৰ (ডিয়েৰ)

সঁচা কথা ক'বলৈ ফিয়েৰ 


লাই হালে জালে

কৃষ্ণক চিন্তি

ষোল্ল তেইশলৈ পলালে ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages