আলি: আ:য়ে লৃগাং আৰু মিচিং সমাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

আলি: আ:য়ে লৃগাং আৰু মিচিং সমাজ


 

আলি: আ:য়ে লৃগাং আৰু মিচিং সমাজ


জাতিৰাম কমান


    আলি: আ:য়ে লৃগাঙৰ বিষয়ে নতুনকৈ প্ৰৱন্ধ লিখাৰ প্ৰয়োজন নাই।কাৰণ,আলি আ:য়ে লৃগাং অসমৰ বাবে অচিনাকী নাম হৈ থকা নাই।আলি আ:য়ে লৃগাঙৰ বিষয়ে এতিয়ালৈকে অনেক প্ৰৱন্ধ পাতি লেখা হৈ গৈছে বহু ন পুৰণি লেখকৰ দ্বাৰা।

  থোৰতে লৃগাং উৎসৱ হল শস্য সিঁচা উৎসৱ।ইয়াক ফাগুণ মাহৰ প্ৰথম বুধবাৰে মিচিং সকলে উদযাপন কৰে।আমি ইয়াত লৃগাং উৎসৱনো কি সেই বিষয়ে বহলাই লিখাৰ প্ৰয়োজন বোধ কৰা নাই।

    ইয়াৰ পৰিৱৰ্তে আমি ইয়াত মিচিং সমাজত  আলি আ:য়ে লৃগাং উৎসৱৰ গুৰুত্ব আৰু অসমৰ সাংষ্কৃতিক জীৱনত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়েহে কিছু আলোকপাত কৰিব বিচৰা হৈছে।

   আদিম কালৰে পৰা মিচিং সকল কৃষি নিৰ্ভৰ জনগোষ্ঠী।অন্যান্য জনজাতি সকলৰ দৰে পাহাৰৰ পৰা অসমৰ সমতল ভূমিলৈ প্ৰৱজিত হোৱা দিনৰে পৰা কৃষিভূমি বিচাৰি নৈ পৰীয়া উৰ্বৰ ভূমিখণ্ডত মিচিং সকলে বসবাস কৰিবলৈ লয়।নৈৰ পাৰত থাকি পলসুৱা মাটিত খেতি বাতি কৰাৰ লগতে বাৰিষা নৈয়ে উটুৱাই অনা কাঠ খৰি নাৱেৰে ধৰি ৰাখি জুই জ্বলোৱা ইন্ধন হিচাপে মিচিং সকলে শুকান খৰিবোৰ ব্যৱহাৰ কৰি আহিছে।লগতে নৈৰ বোৱতি পানীতেই সাতুৰি নাদুৰি গা পা ধুই নৈৰ পানীকেই কলহ ভৰাই আনি ঘৰুৱা ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰি আহিছে।ভৰ বাৰিষা নৈৰ পানীয়ে দিগদাৰ দিলেও,নৈয়ে খেতি বাৰী মাটি খহাই নিলেও, আকৌ নতুন মাটি ভাঙি ঘৰ পাতি খেতি বাতি কৰি নৈ'ৰ সতে সহাৱস্থান কৰি অহা একমাত্ৰ পৰিশ্ৰমী অসমৰ জনগোষ্ঠীটোৱেই হল মিচিং জনগোষ্ঠী।মিচিং সকলৰ বাদে নৈ'ৰ সতে যুঁজ বাগৰ কৰি জীৱিকাৰ বাবে সহাৱস্থান কৰি থকা বেলেগ জনগোষ্ঠী আচলতে অসমত দেখা নাযায়।

   নৈয়ে অত্যাচাৰ কৰিলেও সহজ সৰল মিচিং সকল নৈ'ক এৰি যাব নোৱাৰে; কাৰণ,তেওঁলোকে নৈৰ পাৰত থাকি ভাল

পোৱা জাতি।কাজেই,মিচিঙসকলক নদীপ্ৰিয়

নদীয়াল মিচিং বুলিব পাৰি।

কৃষিজীৱি হোৱা বাবে মিচিং সকল কৃষিৰ ওপৰত ভৰসা কৰি থাকিব লগা হয়।কৃষি নিৰ্ভৰ জাতি হিচাপে তেওঁলোকৰ কৃষিৰ লগত ওতঃপ্ৰোতঃ এৰাব নোৱৰা সম্পৰ্ক এটা আছে।সেই সম্পৰ্কক ভিত্তি কৰিয়েই মিচিং সমাজে পৰম্পৰাগত ভাৱে পালন কৰি আহিছে শস্য সিঁচাৰ উৎসৱ,যি আলি আঃয়ে লৃগাং হিচাপে অসমত বিখ্যাত।আলি: আঃয়ে লৃগাং মিচিং সকলৰ বাবে অকল এটা পৰ্বই নহয় বৰঞ্চ তেওঁলোকৰ বাবে লৃগাং এটা ধৰ্মীয় উৎসৱো।এই উৎসৱ সপ্তাহজোৰা পৰম্পৰাগত ভাৱে পালন কৰি আহিছে মিচিং সকলে।

   পূৰ্বতে আলি: আঃয়ে লৃগাং অসম উপত্যকাত সৰ্বাত্মক ৰূপত পতা দেখা পোৱা নগৈছিল যদিও এতিয়া অসমত সৰ্বাত্মক ৰূপত পালন কৰা পৰিলক্ষিত হয়।এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ,বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি নামনি অসমৰ সকলো প্ৰান্তৰ লোকেই আলি আঃয়ে লৃগাং মিচিং সকলৰ প্ৰধান উৎসৱ বুলি জানে যিদৰে বড়ো জনগোষ্ঠীৰ বাথৌ পূজা অসমৰ মানুহে জানে।তদ্ৰুপ চাহ জনগোষ্ঠী সকলৰ তুচু,কৰম পূজা আৰু ইউ পি বিহাৰৰ পৰা অহা অনা অসমীয়াসকলে পালন কৰা ষঠ পূজা।

   এইখিনিতে মন কৰিবলগীয়া যে অসম চৰকাৰে চুকাফা দিৱস,চিলাৰায় দিৱস,লাচিত দিৱস আদিকে প্ৰমুখ্য কৰি বাথৌ পূজা,তুচু পূজা,কৰম পূজা,চঠ পূজা আদি বহু কিছু পৰ্বৰ বাবে অসমত চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাৰ পাছতো আলি আঃয়ে লৃগাং উৎসৱৰ বাবে আজি পৰ্য্যন্ত চৰকাৰী বন্ধ ঘোষণা নহল,যদিও মিচিং সমাজে অনেক কাকূতি মিনতি,আন্দোলন,

দাবী আদি কৰি অহাৰ পাছতো।

   অসমৰ বহাগ বিহু,মাঘ বিহু আৰু কাতি বিহু,এই তিনিটি বিহু জাতীয় বিহু হোৱা বাবে চৰকাৰী বন্ধৰ তালিকাভুক্ত হোৱাত কোনো আপত্তি থাকিব নোৱাৰে।কিন্তু বাথৌ,তুচু,চঠ,

কৰম আদি সকলো জনগোষ্ঠীয় পূজাবোৰে চৰকাৰী বন্ধত স্থান পোৱাৰ পাছতো অসমৰ দ্বিতীয় বৃহত্তৰ মিচিং জনজাতি সকলে সপ্তাহজোৰা পালন কৰা আলি আঃয়ে লৃগাঙ উপলক্ষে অন্ততঃ এদিনৰ বাবে হলেও বন্ধ নোপোৱাতো বৰ পৰিতাপৰ কথা!

  তেনে পৰিপ্ৰেক্ষিতত এইটো প্ৰতীয়মান হয় যে অসম চৰকাৰে মিচিং সম্প্ৰদায়ক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। কথাটো এনেকুৱা__অসমৰ দ্বিতীয় বৃহত্তৰ ভূমিপুত্ৰ মিচিং সকলে নিজৰ বাপতি সাহোন স্বৰূপ আলি আঃয়ে লৃগাঙক নিজে যিমান গুৰুত্ব প্ৰদান কৰি আহিছে সিমানেই চলি অহা অসম চৰকাৰ সমূহে আলি আঃয়ে লৃগাঙক গুৰুত্বহীন কৰি আহিছে!

    সুধাকন্ঠ ভুপেন হাজৰিকাই গাইছে_

বহাগ মাথোঁ এটি ঋতু নহয়,

নহয় বহাগ এটি মাহ

ই অসমীয়া জাতিৰ আয়ুস ৰেখা

গন জীৱনৰ সাহ..........

  এৰা,সুধাকন্ঠই ঠিকেই গাইছে - বহাগ মাথোঁ এটি ঋতু নহয়,ই অসমীয়া জাতিৰ আয়ুস

ৰেখা।ঠিক তেনেকৈ আলি আঃয়ে লৃগাং হল মিচিং সকলৰ আয়ুস ৰেখা।লৃগাং উৎসৱ মিচিং সকলৰ প্ৰাণৰ উৎসৱ।ঠিক মূলসূঁতি অসমীয়া জাতিৰ বহাগ বিহুৰ দৰে।

   পৰম্পৰাগত ভাৱে চলি অহা বহাগ বিহু হল অসমীয়া কৃষ্টি সংষ্কৃতিৰ ধব্জা বাহক।বহাগ বিহুৰ নৃত্য গীতে যেনেকৈ অসমীয়া সংষ্কৃতিক এটা উল্লেখনীয় মাত্ৰা প্ৰদান কৰি আহিছে ঠিক তেনেকৈ বড়োসকলৰ বাগাড়োম্বা নৃত্য গীত আৰু মিচিঙৰ গুমৰাগ নৃত্য-গীতো এক সুকীয়া সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে অসমীয়া কৃষ্টি সংস্কৃতিৰ বিকাশ সাধনত।

  কাজেই,বিহু গীত নৃত্য তথা বাগাড়োম্বা নৃত্য গীতৰ দৰে গুমৰাগ নৃত্য গীতৰো অৱদান কোনো গুণেই কম নহয় বৃহত্তৰ অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু বিকাশ সাধনত।

    কিন্তু ইয়াতেই সাংষ্কৃতিক বৈষম্যৰ কথাটো বৰ দৃষ্টিকটু ভাৱে আহি পৰে।সাংষ্কৃতিক বৈষম্য এইবাবেই কব লগা হৈছে যে বাথৌ,তুচু কৰম পূজা আদি সংস্কৃতি বহনকাৰী ধৰ্মীয় উৎসৱ সমূহে চৰকাৰী বন্ধত স্থান যদি পাব পাৰে তেন্তে মিচিঙৰ ধৰ্মীয় উৎসৱ আলি আ:য়ে লৃগাঙে কিয় চৰকাৰী বন্ধত স্থান পাব নোৱাৰে?

   অসমৰ জাতীয় ঐতিহ্যত অৱদান যোগোৱা জনগোষ্ঠীয় ভূমিপুত্ৰৰ ঐতিহ্য বহনকাৰী পাৰম্পৰিক উৎসৱৰ হেতু এদিন মাত্ৰ চৰকাৰী বন্ধ পাবৰ বাবে জনগোষ্ঠীটোৰ জাতীয় সংগঠন সমূহে অথবা সমগ্ৰ গোষ্ঠীটোৱে আন্দোলন/দাবী আদি কৰিব লগাতো অতিশয় পৰিতাপৰ কথা।

   উৎসৱৰ গুৰুত্ব বুজি বিহু,বাথৌ,তুচু,কৰম, চঠ আদি পৰ্বই যদি চৰকাৰী বন্ধৰ স্থান সগৌৰৱে দখল কৰিব পাৰে তেন্তে আলি: আ:য়ে লৃগাঙে তেনে স্থান এটা কিয় পাব নোৱাৰে?

   মিচিং সকলে লৃগাং বন্ধ পাবৰ বাবে আন্দোলন কৰি চৰকাৰক দাবী জনোৱাৰ প্ৰয়োজন মুঠেও নাই;বিপৰীতে চৰকাৰে গুৰুত্ব বুজি স্বতঃস্ফূৰ্ত ভাৱে 'আলি: আ:য়ে লৃগাঙ'ক চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাতো চৰকাৰৰ নৈতিক দায়িত্ব আৰু সাংবিধানিক কৰ্তব্য।

  চৰকাৰৰ চকু কেতিয়া মুকলি হব?সুদৃষ্টি কেতিয়া পৰিব আলি: আ:য়ে লৃগাঙৰ প্ৰতি? আমি আশা ৰাখিছোঁ চৰকাৰ শীঘ্ৰেই সুপ্ৰসন্ন হওঁক লৃগাঙৰ প্ৰতি।আমি আশাৰে বাদ চাই আছো অনাগত বৰ্ষবোৰলৈ__যাতে যেন চৰকাৰী বন্ধ শুৱনি কৰে 'আলি:আ:য়ে লৃগাঙে' অসমীয়া কেলেণ্ডাৰৰ ফাগুণ মাহৰ প্ৰথম বুধবাৰত Ali: A:ye Li´gang ফেষ্টিভেলৰ বন্ধ হিচাপে॥


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages