যাত্ৰীবাহী ৰে'ল যাত্ৰাৰ আনন্দ আৰু মানৱতাৰ গান
ৰয়েল পেগু
যাত্ৰীবাহী ৰে'লত যাত্ৰাৰ আমেজ আৰু অভিজ্ঞতা দুয়োটাই সুকীয়া। যাত্ৰীবাহী ৰে'ল যাত্ৰাত নতুন বন্ধুত্ব গঢ়াৰ লগতে নতুন অভিজ্ঞতা লাভ কৰিব পাৰে। বহু দিনৰ মূৰত যোৱা এক ডিচেম্বৰত যাত্ৰীবাহী ৰে'লত যাত্ৰাৰ সৌভাগ্য লাভ কৰিলো। সিদিনা মই উত্তৰ-পূব সীমান্ত ৰে'লসেৱাৰ শেষৰ মুৰ্কংচেলেক ষ্টেচনৰ পৰা নামনিমুৱা মুৰ্কংচেলেক-ডেকাৰগাঁও যাত্ৰীবাহী ৰে'লত পুৱা 6-45 বজাত যাত্ৰা আৰম্ভ কৰিলো। মোৰ লক্ষ্য স্থান নগাঁও। কিন্তু এই পথৰে পোনপটীয়াকৈ নগাঁও সৈতে ৰে'ল সংযোগ নাই। মই মুৰ্কংচেলেক পৰা বালিপাৰালৈ টিকট কৰিলো। মোৰ লগত আছিল জী ৰুয়ুম পেগু। ৰামানুজন জুনিয়ৰ কলেজত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰুয়ুমক হোষ্টেলত থৈ আহিবৰ বাবেই নগাঁৱলৈ এই যাত্ৰা।
মুৰ্কংচেলেক-ডেকাগাঁও যাত্ৰীবাহী ৰে'লত যাত্ৰীৰ যথেষ্ট ভিৰ। কোনো ষ্টেচনতে যাত্ৰী কম নহয়। মুৰ্কংচেলেকৰ পিছত প্ৰতিটো ষ্টেচনতে যিমান নামিছে আকৌ সিমানেই উঠিছে। দেখা গ'ল যাত্ৰীবাহী ৰে'লখনত চলন্ত এক অন্য বজাৰ। বহু দিনৰ মূৰত এই ৰে'ল যাত্ৰাই মোক নতুন আনন্দ আৰু অভিজ্ঞতা দিলে। নতুন চিন্তাৰ খোৰাক জন্মালে। পূৰ্ব যাত্ৰীবাহী ৰে'লত বিশেষকৈ বাহিৰৰ পৰা অহা সীমিত সংখ্যক হিন্দীভাষী হকাৰেহে চানা, বাদাম আদি বিক্ৰী কৰিছিল। কিন্তু সিদিনা দেখিলো হিন্দীভাষী লোকতকৈ আমাৰ বহু অসমীয়া যুৱকেও ৰে'লত চানা, বাদাম, পাপৰ, পক্কন, চাহ-চিংৰা, বিস্কুট, তামোল-পান, আপেল, আঙুৰ, কমলা, বগৰী, পানীৰ বটল, কেপি, চিকৰ, চিগনেচাৰ, মণিসাৰী সামগ্ৰী আদি বিক্ৰী কৰিব লৈছে। তদুপৰি প্ৰতিটো দবাতে পাঁচ/ছজনকৈ হকাৰ। যাত্ৰীৰ সমানে হকাৰৰো ভিৰ। ষ্টেচনে প্ৰতি ইটো দবাৰ পৰা সিটো দবালৈ হকাৰবোৰে চিঞৰি চিঞৰি গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰিছে। যাত্ৰীবাহী ৰে'লত এনেদৰে অসমীয়া যুৱক হকাৰৰ বৃদ্ধিও ৰাজ্যখনৰ বৰ্ধিত নিবনুৱা সমস্যাক প্ৰতিফলিত কৰা যেন মোৰ অনুভৱ হ'ল। মই কেইজনমান অসমীয়া হকাৰৰ লগত কথাপাতি জানিব পাৰিলো যে ইয়াৰে বগীনদী, চতিয়া, চিমেন চাপৰি, ৰঙাপাৰা, ওদালগুৰি, টংলা আদি বিভিন্ন ঠাইৰ বহু অসমীয়া যুৱকে ৰে'লত হকাৰ হিচাপে সামগ্ৰী বিক্ৰী কৰি জীৱননিৰ্বাহ কৰি আহিছে। উল্লেখযোগ্য যে ৰে'লত এনেদৰে সামগ্ৰী বিক্ৰী কৰা ৰে'ল কতৃপক্ষৰ ফালৰ পৰা আইনমতে বাধা আছে। ফলত ৰে'লৱে আৰক্ষীয়ে সময়ে সময়ে ৰে'লত অকতৃত্বশীলভাৱে খাদ্য সামগ্ৰী আদি বিক্ৰী কৰাৰ বাবে হকাৰসকলৰ বিৰুদ্ধে গোচৰ দিয়ে। গোচৰৰ জাননী পত্ৰৰ তাৰিখ মতে হকাৰসকলে তেজপুৰস্থিত আদালতত হাজিৰ কৰি জৰিমনা ভৰিব লগা হয়। আদালতে হকাৰসকলক ভৱিষ্যতে ৰে'লত পুনৰ খাদ্য সামগ্ৰী আদি বিক্ৰী নকৰিবলৈ কৈ জৰিমনা বিহি এৰি দিয়ে। কিন্তু পেঠ, পৰিয়াল আৰু জীৱনৰ তাৰণাত হকাৰসকলে পুনৰ ৰে'লত সামগ্ৰী বিক্ৰী কৰি জীৱন সংগ্ৰাম চলাই নিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে এই ৰে'ল পথত মুৰ্কংচেলেক-ডেকাৰগাঁও, মুৰ্কংচেলেক-ৰঙিয়া যাত্ৰীবাহী ৰে'লৰ লগতে মুৰ্কংচেলেক-গুৱাহাটী লাচিত এক্সপ্ৰেছ ট্ৰেইন চলাচল হয়। মই কথাপতা অসমীয়া হকাৰৰ পৰা জানিব পৰামতে বগীনদী অঞ্চলৰ পৰা সৰ্বাধিক অসমীয়া ল'ৰা হকাৰ হিচাপে ৰে'লত সামগ্ৰী বিক্ৰী কৰি পৰিয়াল চলাই আহিছে। একেদৰে চতিয়া, চিমেন চাপৰি, ৰঙাপাৰা, ওদালগুৰি, টংলা আদি বিভিন্ন ঠাইৰ বহু অসমীয়া যুৱকে ৰে'লত হকাৰ হিচাপে সামগ্ৰী বিক্ৰী কৰি আহিছে। এজন হকাৰে জানিব দিয়ামতে এই ৰে'ল লাইনত প্ৰায় চাৰিশ অসমীয়া যুৱকে হকাৰ হিচাপে আত্মনিয়োগ হৈ আছে। জানিব দিয়ামতে হকাৰসকলে এনেদৰে ৰে'লত চানা-বাদাম আদি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি হাজাৰ টকাৰ পৰা পোন্ধৰশ, তিনি হেজাৰ পৰ্যায়ত বজাৰ কৰিবলৈ সক্ষম হয়। কৃষিজীৱী অসমীয়া যুৱকে নিজৰ পথাৰ আৰু বজাৰ এৰি এনেদৰে ৰে'লত হকাৰ হিচাপে সামগ্ৰী বিক্ৰী কৰি কণ্টকময় জীৱন সংগ্ৰামৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰ কাৰণ আৰু পৰিস্থিতিবোৰ সচেতন মহলে চিন্তা কৰাৰ নিশ্চয় অৱকাশ আছে। যি হওক বহু অসমীয়া যুৱকে ৰে'লত হকাৰ হিচাপে হ'লেও সাময়িকভাৱে স্থাপনৰ পথ এটা বিচাৰি পাইছে, ইও আমাৰ বাবে সাময়িক সন্তুষ্টিৰে বিষয়।
ইপিনে এই ৰে'ল যাত্ৰাৰ সময়তো অসমীয়া মানুহৰ কৰ্ম-সংস্কৃতিৰ আন এক নমুনা দেখাবলৈ পোৱা যায়। তামোল খাই য'তে ত'তে পিকোৱা, বাদাম, কমলা, ডিম আদি খাই বাকলিবোৰ ভিতৰতে পেলাই লেতেৰা কৰা আদি সংস্কৃতি (!) ৰে'ল যাত্ৰাটো বিদ্যমান।
যাত্ৰীবাহী ৰে'লত বিবেকবান মানুহৰ হৃদয় চুই যোৱা কিছু দৃশ্যও সুলভ। ৰে'লত কিছুমান বিশেষভাৱে সক্ষম লোকে অকণমান মানৱীয় সহানুভূতি বিচাৰি যাত্ৰীৰ আগত অসহায় হাত আগবঢ়াই থি দিয়া ছবিয়ে অন্তৰ চুই যায়। তেওঁলোকৰ বাবে যাত্ৰীবাহী ৰে'ল আৰু যাত্ৰীসকলেই জীৱনৰ ভাৰসা। ৰে'লত উঠি মানৱতাৰ সহানুভূতিৰ সাহায্য বিচাৰি দবাৰ প্ৰতিটো কম্পাৰ্টৰমেণ্টত যাত্ৰীৰ আগলৈ অসহায় বাবে হাত আগবঢ়ায়। কিছুমানে জীৱনৰ সাৰথি লাখুটি ডাল লৈ খেপিয়াই খেপিয়াই আহি কোনো মতে থি দি যাত্ৰীৰ সন্মুখলৈ হাতখন আগবঢ়ায়। কোনোবাই হাতত টোকাৰিটোলৈ ভূপেন হাজৰিকা বা আন অমৰ গীত গাই গাই সাহায্যৰ বাবে যাত্ৰীৰ আগত হাত আগবঢ়ায়। হৃদয়ৱান যাত্ৰীসকলে এই বিশেষভাৱে সক্ষম লোকসকলৰ হাতত পাঁচ, দহ, বিশ টকা গুজি দিয়ে। আকৌ বিশেষভাৱে সক্ষমজনেও হৃদয়ৱান যাত্ৰীসকলৰ মংগলৰ বাবে আশীষ দিয়ে। ময়ো কেইজনলৈ সামান্য সহায়ৰ হাত আগবঢ়ালো। ৰুয়ুমকো কেইজনমানক সামান্য সহায়ৰ হাত আগবঢ়াব দিলো। যাতে অসহায় মানুহৰ প্ৰতি তাইৰো সহায়ৰ চেতনা আৰু অভ্যাস গঢ় লয়। এনেদৰে যিয়ে যি দিছে তাকে লৈ তেওঁলোকে কোনো আক্ষেপ-অভিমান নকৰাকৈ আগবাঢ়ি যায়। ৰে'লত বিশেষভাৱে সক্ষম লোকসকলৰ এনে জীৱন সংগ্ৰাম আৰু মানৱ দৰদী যাত্ৰীৰ সম্পৰ্কই ৰে'ল যাত্ৰাৰ ভিৰৰ মাজতো মানৱতাক জীয়াই ৰাখিছে। ইও হয়তো অন্য প্ৰাণীতকৈ মানুহৰ জীৱশ্ৰেষ্ঠতাৰ পৰিচয়।
মুৰ্কংচেলেক পৰা যোৱা নামনিমুৱা যাত্ৰীবাহী ৰে'ল আৰু ডেকাৰগাঁৱৰ পৰা অহা উজনিমুৱা যাত্ৰীবাহী ৰে'ল দুখন বগীনদী ষ্টেচনত 10-20 বজাত ক্ৰচিং কৰে। আমি মুৰ্কংচেলেক ষ্টেচনৰ পৰা পুৱা 6-45 বজাত যাত্ৰা আৰম্ভ কৰি জোনকাৰেং, লাইমেকুৰী, তেলাম, চিমেন চাপৰি, দিপা, আৰ্চিপথাৰ, চিলাপথাৰ, চিচিবৰগাঁও, শ্ৰীপাণী, মৰিধল, ধেমাজি, জীয়াঢল, বৰদলনি, গোগামুখ, সোৱণশিৰি, বগীনদী, চিয়াজুলি, লীলাবাৰী, লখিমপুৰ, চিলনীবাৰী, কঠাল পুখুৰী, হাৰমতী, তাতিবাহাৰ, ডুবিয়া, হেলেম, নিজ বৰগাং, বিশ্বনাথ চাৰিআলি, নিজ চতিয়া, ধালাইবিলৰ পিছত বিয়লি 2-30 বজাত বালিপাৰা ষ্টেচন পালো। বালিপাৰা ষ্টেচনত নামি এখন মেজিকত উঠি তেজপুৰ মিছন চাৰিআলিলৈ অহাৰ পিছত ট্ৰেভেলাৰ্চ এখনত উঠি 5-30 বজাত গন্তব্য স্থান নগাঁও পালো। নগাঁও পোৱাৰ পিছত পোনতে দিনটোৰ লঘুন যাত্ৰাৰ পিছত নগাঁও পৰিবহন নিগমৰ আস্থানৰ থকা 'ভোগালী' হোটেলত দুয়ো আহাৰ গ্ৰহণ কৰিলো। তাৰ পিছত হোষ্টেললৈ গৈ ৱাৰ্ডেন পৰিস্মিতা বৰা মেমৰ ওচৰত ৰুয়ুমক চমজি দি দিনটোজোৰা যাত্ৰাৰ অন্তত ভাগৰুৱা দেহাৰে 'হোটেল বিদিশা'ত আশ্ৰয় ল'লো।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment