বাদুলি
অংকুৰিতা ফুকন
প্ৰতিটো গোলকৰ দুটা ফাল
পোহৰ আৰু আন্ধাৰ…
'ৰেট ট্ৰেপ'ত ছটফটাই থকা নিগনিটোৱে
সাম্ভৱ্য মৃত্যুৰ কাৰন নুবুজে
কৌণিক গোপনীয়তাৰ সময় জাল
ভৰি নথ'লেই উদৰৰ জুয়ে পুৰি মাৰে
মন্দিৰৰ পৰা মদিৰালয় পৰ্যন্ত
গোলকীয় জুইকুৰা সকলোতে জ্বলি থাকে…
আমি জীৱশ্ৰেষ্ঠ…
ঈশ্বৰৰ ভৰিৰ নখত কামুৰি ওলমি থকা
ধৰ্মভীৰু বাদুলিৰ জাক
বৈদিক দিনবোৰত নিগনিবোৰ আমাৰ দৃষ্টিত পৰমেশ্বৰৰ বাহন
ৰাতিৰ বাবে উদৰৰ জুই নুমুৱাৰ সাধন…
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment