তুমি আৰু মই
অতুল চন্দ্ৰ বড়ো
মিছামাৰী,শোণিতপুৰ
তুমি সংগোপনে আহিছা
হেজাৰ জ্যোতিৰ্ময়ী শিখাৰে পোহৰাব বিছাৰিছা
বিষাদগ্ৰস্ততাৰ এন্ধাৰত পুত গৈ থকা মোৰ হৃদয়খন।
শিল্পী তুমি নিপুণতাৰ,
বুজি পোৱা হিয়াৰ হাহাকাৰ।
তোমাৰ স্পৰ্শত আকৌ যেন ফুলি উঠিব জই পৰা কাঞ্চনজোপা,
মলিন হৈ পৰা দেৱালখনত স্বৰ্নসচিত জীৱন চবি ।
আকৌ যেন জী উঠিব অপ-মৃত্যুক সাৱতি শুই থকা গানবোৰ ,
কঁপি উঠিব আঙুলি,
গীটাৰত উভতিব সুৰ।
তুমি জীৱন জীয়াই থকাৰ বাহানা নহয়,
তুমি জীৱন তৃষ্ণাৰ অমৃত পিয়লাও নহয়,
তুমি গুপুত নিশাৰ কোনো কামনা নহয়
অথবা
তুমি অতিতৰ বিস্মৃত কোনো ধাৰণাও নহয় ।
বিশৃংখলিত জীৱনক শৃংখলিত কৰাৰ আমোঘ মন্ত্ৰ তুমি
স্বপ্নহীনতাৰে প্ৰতাৰিত নিশাৰ মিঠা অনুভূতি তুমি ।
শব্দৰ সোনালী আচোঁৰে গঁথা জীৱনমালা তুমি ।
তুমি আহিছা সংগোপনে ,
আজি গোটেই ৰাতি কথা পাতিম ,
গান গাম হৃদয় উজাৰি।
কেৱল তুমি আৰু মই।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment