তিনিটা স্তৱক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

তিনিটা স্তৱক



তিনিটা স্তৱক

লাৱণ্য নাথ


[১]

ঠেৰু ছিগা বতাহৰ আত্যন্তিক সান্নিধ্যত

মেঘাবৃত এটা নিমাওমাও দুপৰীয়াত 

দৰিকনা মাছৰ নিভৃতপ্ৰণয়।


[২]

প্ৰাসংগিক সময়ত আত্ম-নিবেদন;

বিনম্রতাৰে-

কাঁচিয়লি মুহূৰ্তৰ দৰে প্ৰতিপল হওক

দুবিৰ্ষহ আৱেগ আঁতৰি

ফুলৰ নিষ্পাপ সুগন্ধিৰে মিঠা হওক

জীৱন আৰু বাস্তৱ।


[৩]

একাদশী পছোৱাত আৰু জন্ম নহওক

হাজাৰ জনতাৰ ঠৰঙা ক্ৰন্দন।

সমাজ সম্প্ৰীতিৰে থাকক

কুশলে থাকক সভ্যতা আৰু সংস্কাৰ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৩

 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages