বিষন্ন আবেলি
জুৰি গোস্বামী শৰ্মা
বৰপেটাঅস্তবেলিৰ সুমথিৰা ৰঙে
আঁৰি দিয়ে মোৰ বুকুত
এখনি কাঁইটৰ ছবি
পোহৰতকৈ আন্ধাৰ ভালপাওঁ মই
ৰ'দতকৈ বৰষুণ
আৰু সাগৰতকৈ মৰুভূমি,
মই বিষাদৰ নীলা সাগৰ পাহৰি
উৰুৱাই দিব খোজো মৰুৰ বালি
দুখবোৰ উৰি যাব বালিৰ দৰে
কাঁইটৰ আঁচোৰত হৃদয়ত বয়
কেঁচা তেজৰ নদী,
ফুলবোৰ ফুলে
সৰি যায়
কিন্তু কাঁইটবোৰ ???
যন্ত্ৰণাদগ্ধ হৃদয়ত আচুৰি আচুৰি
ভাগি যায় নিজেই
ৰ'দৰ তাপত দগ্ধ হৃদয়
ভাগৰি পৰে জীৱন
কিন্তু বৰষুণত ???
জীপাল হয় জীৱন
চকুপানীও ঢাকিব পাৰে বৰষুণে
আন্ধাৰত লুকাব পাৰি নিজক
কিন্তু পোহৰত নোৱাৰি
তথাপি ------
লুকাই-লুকাই নাকান্দো মই
সেই আন্ধাৰৰ মাজত
আন্ধাৰত আনক নেদেখিলেও
নিজৰ হৃদয়খনতো ঠিকেই দেখিম
ঠিকেই চিনিম
কাঁইটৰ মাজেৰে পাৰ হৈ
আন্ধাৰৰ বুকুত
মৰুভূমিৰ মাজত মই
কেনেকৈ বিচাৰি পাম
জীৱনৰ সঠিক ঠিকনা ???
আগুৱাই অহা পোহৰৰ মাজেৰে
নীলা সাগৰৰ বুকুয়েদি
আগুৱাই গৈ
সপোনৰ বাগিছাত মই
কথা পাতিব বিচাৰো নিজৰ স'তে
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment