এলানি ভাৱৰ চেকুৰা
ঋতুৰাজ ডাঙৰীয়া
দুটি ক্ষীণ পোহৰৰ কণা
আৰু এটা চাৰিআলি;
আদ বয়সতে জীৱনৰ বাকি সময়খিনি
চৰকাৰক দান কৰা দুজনমান চিপাহী ।
পূজা বিহু বুলি কৰ্মবিৰতি নোপোৱাত
আজিও বুন্দাপৰ দি আছে চাৰিআলিৰ
কোনোবা এটা দাঁতিত ।
কেতিয়াবা কুকুৰৰ ভৌ-ভৌ,
কেতিয়াবা ফেঁচাৰ ফেহুঁজালি।
কেতিয়াবা আকৌ শিয়ালৰ হুঁৱা !
চিন্তা ! নাই আদি অন্ত ।
আকাশ পাতাল নাই কোনো ভেদ।
দিনতোৰ ভাগৰ মাৰ নৌযাওঁতেই
আকৌ ৰাতি উজাগৰি নিশাৰ বুকুত
টুপনিৰ জলৌ-জপৌ চকু ।
সেইয়া কুকুৰতোৰে ৰাওচি জুৰিছে,
নিশা গভীৰ হ'ল ছাগৈ !
আন্ধাৰবোৰ ক্ৰমে ঘন হৈ আহিছে,
কুঁৱলীৰ কণাবোৰ গাত লাগিব ধৰিছে,
নাই নাই ভয় নাই
পুৱা হ'বলৈ বেচি পৰ নাই ... ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment