অ' নতুনৰ গণ-গীতিকাৰ
গৌতম মালাকাৰ
কৰিমগঞ্জ
অ' নতুনৰ গণ-গীতিকাৰ
লিখিলিনে এইবেলিৰ সংকল্পৰ গান
কণ্ঠেৰে জাতিক জগোৱা শংখধ্বনিৰ বান
অ' শব্দৰ সুৰ-বিশাৰদ
জাগিছেনে বুকুত নতুন আবেগৰ অগনি
গুঁঠিলি নে কঠোৰ কণ্ঠৰ ফিৰিঙতিৰ স্বৰলিপি
অ' সংস্কাৰৰ শিল্পীপ্ৰাণ
ক'লা গোলাপৰ কাহিনী লিখা
শুকান পাপৰিৰ শিলালিপি
বুকুৰ কিতাপত কিমান দিনলৈ সাঁচিবি
অ' নতুনৰ সুৰ-সেনাপতি
সুৰৰ বাৰুদেৰে মুকুতিৰ কামান সাজু কৰিবলৈ
আৰু কিমান নো পৰ
অ' ন-চিন্তাৰ চিন্তানায়ক
ভাতৃঘাতী ষড়যন্ত্ৰৰ বেহু ৰচোঁতাক
শব্দবজ্ৰৰে সকিয়াই দে
দুখুনী আই আমাৰ কিমান আপোন!
অ' নৱ-চেতনাৰ চিত্ৰকৰ
হাহাকাৰৰ হুমুনিয়াহবোৰ গীতিচিত্ৰৰে আঁকি
মনবোৰ সহমৰ্মিতাৰে উপচায় দে
অ' অনুভৱী সুবাসৰ সুৰকাৰ
কণ্ঠ-খোল-তাল তৰংগৰ জেউতিৰে
কাল নিশাৰ আন্ধাৰ বিনাশী
জনজীৱন উজলাই দে
সঠিক পথ আঙুলিয়াই বৰকাঁহ বজাই দে
হিয়াই হিয়াই ডুগ ডুগ ডম্বৰু বজাই দে......!
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment