গজালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

গজালি

 


গজালি

বেঞ্জামিন কামান


শাল গছৰ পাতৰ দৰেই 

কেলেণ্ডাৰৰ পৃষ্ঠাবোৰ সৰি পৰিছে

পছোৱাৰ শুকান বতাহত... 

ফাগুন ফাগুন 

বতাহে বতাহে গুণ গুণ 

.

আশাবোৰ হেৰাইছে 

চিৰাল ফটা মাটি আৰু সৰা পাতৰ ছাঁত

কিন্তু পুনৰ্জন্মত আমি বিশ্বাসী!

.

দিন আগুৱাইছে 

উত্তাপ বাঢ়িছে

পশ্চিমৰ দিশেৰে পছোৱা আহিছে

আৰু এটি গজালি ওলাব খুজিছে 

সৰা পাতৰ তলৰ পৰা- সংগোপনে


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages